ETV Bharat / state

কোচ আৰু ৰাজবংশী দুটা পৃথক জাতিঃ আকছু

author img

By

Published : Oct 29, 2020, 7:49 PM IST

ৰাজ্য চৰকাৰে কমতাপুৰ স্বায়ত্ত্ব পৰিষদ চমুকৈ কেএচি গঠন কৰি কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰক্ৰিয়াক সদৌ অসম কোচ ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে ৷

kokrajhar-aaksu-press-meet
কোচ আৰু ৰাজবংশী দুটা পৃথক জাতিঃ আকছু

কোকৰাঝাৰ, 29 অক্টোবৰ : বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত সদৌ অসম কোচ ছাত্ৰ সন্থা,সদৌ অসম কোচ মহিলা পৰিষদ আৰু কোচ দেহেং ৰৌঞ্চুমে যৌথভাৱে এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰী প্ৰক্ৰিয়াক বিৰোধিতা কৰি কোনো কাৰণতে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰা প্ৰক্ৰিয়া মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷ সংবাদমেলত সদৌ কোচ ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন কোচে তীব্ৰ ক্ষোভ উজাৰি কয় যে,কোচ আৰু ৰাজবংশী দুটা পৃথক জাতি ৷ আচলতে ৰাজবংশী বুলি কোনো জাতি নাই ৷ কোচ সকলহে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি মূলৰ ৷ ৰাজবংশী সকলে জনজাতিৰ স্বীকৃতি আদায় কৰাৰ অভিসন্ধিৰে ৰাজবংশীৰ আগত কোচ শব্দটো সংলগ্ন কৰি কোচ ৰাজবংশী বুলি পৰিচয় দি আহিছে বুলি বিস্ফোৰক মন্তব্য কৰে সদৌ কোচ ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷

উল্লেখ্য যে, যদিহে অসম চৰকাৰে ভোট আৰু সমষ্টিৰ অংকত কোচৰ লগত ৰাজবংশী শব্দ যোৰা লগাই জনগোষ্ঠীটোক ধংস কৰিব বিচাৰিছে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক কোচ জনগোষ্ঠীয়ে যোগ্য প্ৰত্তুত্তৰ দিব বুলিও স্পষ্টভাৱে সকিয়াই দিয়ে ছাত্ৰ নেতা মনোৰঞ্জন কোচে ৷
লগতে পঢ়ক : মই এজন মিঞা: শ্বেৰমান আলী আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.