ETV Bharat / state

কোকৰাঝাৰত আক্ৰাছুৰ উদ্যোগত সম্বৰ্দ্ধনা সভা - Assam

জিলাখনৰ শক্তি আশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় এই সভাৰ ।

কোকৰাঝাৰত আক্ৰাছুৰ উদ্যোগত সম্বৰ্দ্ধনা সভা
author img

By

Published : Jul 22, 2019, 3:46 PM IST

কোকৰাঝাৰ,২২ জুলাই : ২০১৯ বৰ্ষৰ 'হাইস্কুল শিক্ষান্ত' আৰু 'উচ্চতৰ মাধ্যমিক'ৰ চূড়ান্ত পৰীক্ষাত লেটাৰ,ডিষ্টিংশ্যন,ষ্টাৰ আদি নম্বৰেৰে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কোকৰাঝাৰ জিলাৰ মুঠ ১০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা আক্ৰাছুৰ। সম্বৰ্দ্ধনা সভাত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰবিৰাম নাৰ্জাৰী,প্ৰফেচৰ দেৱকুমাৰ চক্ৰৱৰ্তীৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ সন্দীপ দাস। অনুষ্ঠানত উপস্থিত থাকি কোকৰাঝাৰ জিলা আক্ৰাছুৰ সভাপতি কংকন ৰায়ে কয় অনুষ্ঠানত তেওঁলোকৰ দ্বাৰা প্ৰদান কৰা অভিনন্দন পত্ৰ,গামোচা,কিতাপ,কলম আৰু মেহগনি গছপুলি সম্বলিত এই অভিনন্দনৰ টোপোলাটিয়ে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰী সকলক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক দেশৰ এগৰাকী সু-নাগৰিক হোৱাত সহায় কৰিব ৷

Intro:কোকৰাঝাৰ জিলা আক্ৰাছুৰ উদ্যোগত আৰু শক্তিআশ্ৰম আঞ্চলিক আক্ৰাছুৰ সহযোগত দেওঁবাৰে কোকৰাঝাৰৰ শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়৷ এই সভাত ২০১৯ ইং বৰ্ষৰ 'হাইস্কুল শিক্ষান্ত' আৰু 'উচ্চতৰ মাধ্যমিক'ৰ চূড়ান্ত পৰীক্ষাত লেটাৰ, ডিষ্টিংচন, ষ্টাৰ আদি নম্বৰেৰে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কোকৰাঝাৰ জিলাৰ মূঠ ১০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধণা জনায় সংগঠনটোৱে৷Body:দেওঁবাৰৰ এই সভাত আমন্ত্ৰীত অতিথি হিচাপে উপস্থিত থাকে ২৯নং কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্ঠিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰফেচৰ দেৱকুমাৰ চক্ৰৱৰ্তী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° সন্দীপ দাস, গুৱাহাটী আই এ এচ এচ টিৰ গৱেষক অধ্যাপক নীৰৱ অধিকাৰী, ২৫ নং ৰাজপুত ৰেজিমেণ্টৰ কামাণ্ডেণ্ট মেজৰ মন্দীপ সিং, সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মণ, শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়, শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ অধ্যক্ষ মুনীন্দ্ৰ চন্দ্ৰ দাসকে আদি কৰি বিভিন্ন আমন্ত্ৰীত অতিথি৷Conclusion:এই অনুষ্ঠানত উপস্থিত থাকি কোকৰাঝাৰ জিলা আক্ৰাছুৰ সভাপতি কংকন ৰায়ে কয় যে, দেওবাৰৰ এই অনুষ্ঠানত তেওঁলোকৰ দ্বাৰা প্ৰদান কৰা অভিনন্দন পত্ৰ, গামোচা, কিতাপ, কলম আৰু মেহগনি গছপুলি সম্বলিত এই অভিনন্দনৰ টোপোলাটিয়ে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰী সকলক আগবাঢ়ি যোৱাত উৎসাহ প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক দেশৰ এগৰাকী সুনাগৰিক হোৱাত সহায় কৰিব৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.