ETV Bharat / state

সামৰণি পৰিল এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ - বিশেষ অতিথি হিচাপে উপস্থিত থাকে হিতেন্দ্ৰ নাথ গোস্বামী

21 ডিচেম্বৰৰ পৰা অনুষ্ঠিত এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি ৷ সামৰণি অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷

এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন
এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন
author img

By

Published : Dec 23, 2019, 9:36 PM IST

কোকৰাঝাৰ, 23 ডিচেম্বৰ: কোকৰাঝাৰ জিলাৰ চেৰফাংগুড়ীৰ কনকেশ্বৰ নাৰ্জাৰী জাওৰীখাং পথাৰত তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে যোৱা 21 ডিচেম্বৰৰ পৰা অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ, 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ এই তিনিদিনীয়া অধিৱেশনস্থলীত এবছুৰ 30খন জিলা আৰু ইউনিটত পৰা অহা তিনি সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থাকে ৷

সামৰণি পৰিল এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন

অধিৱেশনৰ প্ৰতিনিধি সভাৰ বৈঠকত আঠটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয় ৷ অধিবেশনৰ সামৰণি উপলক্ষে সভাপতি প্ৰমোদ বড়োই আঁত ধৰা মুকলি সভাত, আমন্ত্ৰিত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷

লগতে পঢ়ক: অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সামৰণি

কোকৰাঝাৰ, 23 ডিচেম্বৰ: কোকৰাঝাৰ জিলাৰ চেৰফাংগুড়ীৰ কনকেশ্বৰ নাৰ্জাৰী জাওৰীখাং পথাৰত তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে যোৱা 21 ডিচেম্বৰৰ পৰা অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ, 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে ৷ এই তিনিদিনীয়া অধিৱেশনস্থলীত এবছুৰ 30খন জিলা আৰু ইউনিটত পৰা অহা তিনি সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থাকে ৷

সামৰণি পৰিল এবছুৰ 52 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন

অধিৱেশনৰ প্ৰতিনিধি সভাৰ বৈঠকত আঠটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয় ৷ অধিবেশনৰ সামৰণি উপলক্ষে সভাপতি প্ৰমোদ বড়োই আঁত ধৰা মুকলি সভাত, আমন্ত্ৰিত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷

লগতে পঢ়ক: অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ দশম ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সামৰণি

Intro:৷৷ কোকৰাঝাৰত এবছুৰ অধিবেশনৰ সফল সামৰণি ৷৷নিজম পৰিল জাওৰীখাং পথাৰ ৷৷বড়োলেণ্ড ৰাজ্যৰ দাৱী শীঘ্ৰে পূৰণ কৰা চৰকাৰক দাৱী এবছুৰ ৷৷

৷৷কোকৰাঝাৰ ২৩ ডিচে : কোকৰাঝাৰ জিলাৰ চেৰফাংগুড়ীৰ কনকেশ্বৰ নাৰ্জাৰী জাওৰীখাং পথাৰত  যোৱা ২১ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা নিখিল বড়ো ছাত্ৰ সন্হাৰ (এবছু) ৫২ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিবেশনখন আজি সফল সামৰনি পৰিছে ৷
Body:উল্লেখ্য যে,এৱছুৰ তিনিদিনীয়া অধিবেশনথলীত এৱছুৰ ৩০খন জিলা আৰু ইউনিটৰ পৰা তিনি সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিনিধি সভাৰ বৈঠকত আঠটাকৈ গুৰুত্বপূৰ্ন প্ৰস্তাৱ গৃহীত কৰে ৷  ইয়াৰে প্ৰথম প্ৰতিনিধি সভাৰ বৈঠকতে সুকীয়া বড়ো ৰাজ্য গঠনৰ বাৱে চৰকাৰক তাৎক্ষনিক পদক্ষেপ লবলৈ দাৱী তোলাৰ উপৰি বড়ো ভাষা মাধ্যমৰ বাৱে পৃথক সঞ্চালকয়ৰ শ্হাপন কৰাকে ধৰি উগ্ৰবাদীৰ সমস্যা সমাধানৰ বাৱে শান্তি চুক্তি শীঘ্ৰে কাৰ্যকৰী কৰা,বড়ো মাধ্যমৰ ভাষাক অসমৰ চৰকাৰী কাৰ্যলয়ৰ অন্যতম ভাষা হিচাবে স্বীকৃতি প্ৰদান কৰা আৰু অসমত বাধ্যতামুলক অসমীয়া ভাষাক বিষয় হিচাৱে গ্ৰহনকো ঘোঁৰ বিৰোধিতা কৰে ৷ এবছুই প্ৰস্তাৱৰ অন্যতম অসম চুক্তিৰ ৬নং দফাক অসমীয়া ভাষা সম্প্ৰদায়ৰ সুৰক্ষা কৱচ বুলি চুক্তিৰ দফা কাৰ্যকৰী কৰাৰ চৰকাৰী প্ৰক্ৰিয়াকো ঘোৰ বিৰোধ কৰে সংশ্লিষ্ট ৮নং প্ৰস্তাৱত ৷ ইফালে এবছুৰ অধিবেশনৰ সামৰনি উপলক্ষে এক মুকলি সভাত এবচুই সভাপতি প্ৰমোদ বড়োই আতঁ ধৰা অনুষ্টানত আমন্ত্ৰিত বিশেষ অতিথি হিচাৱে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী উপস্হিত থাকি ভাষনত বড়ো সমাজত ডাইনীকে ধৰি অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰাত ছাত্ৰ সংগঠন এবছুই সমাজৰ জাগ্ৰত প্ৰহৰী হিচাৱে কাম কৰি থকা কয় ৷তেও এনেক্ষেত্ৰত ছাত্ৰ সংগঠনটোই সমাজখনক আগবঢ়াই নিয়া অন্যবদ্য অৱদানক প্ৰশংসা কৰি নাৰী নিয়্যাতনৰ ঘটনা ৰোধ কৰাত এবছুই ভূমিকা লৱ লাগে বুলি আহ্বান দিয়ে ৷বড়ো জনগোষ্ঠী ক্ৰীড়া আৰু সংস্কৃতিৰে পৰিপুৰক চহকী জনগোষ্ঠী বুলি জনগোষ্ঠীটোক সকলোকে আস্তা আৰু বিশ্বাসতলৈ আগবাঢ়ি লৈ যোৱাৰ বাৱে সভাৰ যোগে আহ্বান দিয়ে ৷তেও গনতান্ত্ৰীক দেশত আলাপ আলোচনাৰ দূৱাৰা সমস্যা সমাধান হয় বুলি বিধানসভাৰ অধ্যক্ষ হিচাবে এজন নিৰপেক্ষভাৱে বড়ো সমস্য়া সমাধানৰ লগতে আগন্তক বিধানসভা মজিয়াত ভুমি নীতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনাৰ অগ্ৰাধিকাৰ প্ৰতিশ্ৰতি দিয়ে ৷আজিৰ সভাত মুখ্য অতিথি হিচাবে অসম যোৰহাট কৃষি মহাবিদ্য়ালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেচৰকমল মল্ল বুজৰবৰুৱাই সংক্ষিপ্ত ভাষনত অসমৰ লগতে বড়োভুমিক আগবঢ়ান নিবলৈ সমন্বয়ৰ পোষকতা কৰি সমন্বয়ৰ দূৱাৰা এটা জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি আজিৰ বিশ্বায়নৰ যুগত জাকতজিলিকা হৈ ৰয় বুলি কয় ৷বিশেকৈ ছাত্ৰ ছাত্ৰী সকলক জ্ঞানৰ বিকাশৰে নিজকে প্ৰতিষ্ঠা কৰাৰ বাৱে বিশেষ ভাষনৰে দাঙি ধৰে ৷আজিৰ   মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো,চিচিটোৱাৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীকে ধৰি কেইবাগৰাকী বক্তাই ভাষন আগবঢ়ায় ৷ ইয়াৰ আগতে আদৰণি ভাষণ পাঠ কৰে ইউপিপিএলৰ নেতা তথা বিটিচিৰ পৰিষদীয় সদস্য জ্যোতিৰিন্দ্ৰ ব্ৰহ্মই ৷ 
Conclusion:মুকলি সভাত বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্য লাইশ্ৰামলাডু সিং , ৰাজ্য সভাৰ প্ৰাক্তন সদস্য তথা ইউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম , ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেনসিং ৰাভা , এনডিএফবি ( পি )ৰ সভাপতি গোবিন্দ চন্দ্ৰ বসুমতাৰী , পিজিএচিবিএমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়ো , বাথৌ মহাসভাৰ সভাপতি পৰমেশ্বৰ ব্ৰহ্ম , সেৰফাংগুৰী জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুবুং বসুমতাৰী , গোসাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিৰজয় ব্ৰহ্ম , এনডিএফবি ( প )ৰ সাধাৰণ সম্পাদক এছ. সাঞ্জাৰাং ,  বড়ো ইউমেন জাষ্টিছ ফৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰী , কোকৰাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক বেৰলাও কাৰ্জিকেে ধৰি বিভিন্ন দল - সংগঠনৰ নেতৃত্ব আৰু একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে মুকলি সভাত কেইবা সহস্ৰাধিক ৰাইজে আংশ গ্ৰহণ কৰে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.