ETV Bharat / state

কোকৰাঝাৰত ক'ভিড-19 পজিটিভৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি

author img

By

Published : Jul 11, 2020, 9:14 PM IST

কোকৰাঝাৰ কৰ'ণা পজিটিভৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি । গণ সংক্ৰমনৰ দিশত কোকৰাঝাৰ উপায়ুক্তৰ বাংলোত কৰ্তব্যত নিয়োজিত গৃহৰক্ষীৰ গাত ক'ভিড-১৯ পজিটিভ।

kokorajhar-covid-positive-case-incrise-to-210
কোকৰাঝাৰত ক'ভিড-19 পজিটিভৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি

কোকৰাঝাৰ,11জুলাইঃ কোকৰাঝাৰত ক'ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা দিনে দিনে দ্ৰুতগতিত বৃদ্ধি পাইছে। কোকৰাঝাৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ চৰকাৰী বাংলোত কৰ্তব্যত নিয়োজিত হৈ থকা গৃহৰক্ষী জোৱান জিতেন্দ্ৰ বৰুৱা (৪৫)ৰ দেহত ক'ভিড-১৯ পজিটিভ বুলি ধৰা পৰাত জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । তদুপৰি জিলাখনত দিনে দিনে স্বাস্থ্যকৰ্মী,আৰক্ষী জোৱানো আক্ৰান্ত হোৱাত কোকৰাঝাৰত ক‘ৰণাই গণসংক্ৰমণৰ ৰূপ ল'ব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে । শনিবাৰৰ দিনটোতে গৃহৰক্ষী,স্বাস্থ্যকৰ্মীকে ধৰি ১৪ গৰাকী লোকৰ দেহত নতুনকৈ ক'ভিড-১৯ পজিটিত বুলি ধৰা পৰাত জিলাখনত বৰ্তমানলৈকে ক'ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি পালে আৰু ইয়াৰে বহুতৰে ভ্ৰমণ বৃতান্ত নাই বুলি জানিব পৰা গৈছে ।

কোকৰাঝাৰ জিলা উপায়ুক্তৰ চৰকাৰী বাংলোত থকা গৃহৰক্ষী বাহিনীৰ জোৱান ক'ভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা সন্দৰ্ভত জিলা উপায়ুক্তৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত উপায়ুক্ত ভাস্কৰ ফুকনে কয় যে গৃহৰক্ষী বাহিনীৰ উক্ত জোৱানজন অকল নিশাৰ ভাগত পিয়নৰ ডিউটি কৰিছিল আৰু ৰাতিপুৱাৰ লগে লগে গুচি গৈছিল। ইপিনে সকলো ষ্টাফকে পৰীক্ষা কৰা হৈছে আৰু অকল গৃহৰক্ষীৰ জোৱানজনৰ হে পজিটিভ আহিছে যদিও এতিয়া পুনৰাই আকৌ এবাৰ সকলোৰে ক'ভিড টেষ্টৰ পোষকতা কৰি কোৱাৰেণ্টাইনৰ প্ৰাসংগিকতা নুই কৰিছে। উল্লেখ্য যে শনিবাৰে ক'ভিড পজিটিভ হোৱা আন এগৰাকী স্বাস্থ্যকৰ্মী জীৱন দেৱ নাথ সৰলপাৰা অঞ্চলত কৰ্মৰত আছিল আৰু স্বাস্থ্যকৰ্মীগৰাকী কাৰ কাৰ সংস্পৰ্শ লৈ আহিছিল তাকে লৈ এতিয়া সৰলপাৰা অঞ্চলৰ ৰাইজ উদ্বিগ্ন হৈ পৰা দেখা গৈছে।

লগতে পঢ়কঃ আৰক্ষীৰ জালত মহিলা প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.