কোকৰাঝাৰ, 29 জুন : কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱত বুধবাৰে নিশা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ ৷ একেটা পৰিয়ালৰে তিনিগৰাকীকৈ সদস্যই দুৰ্বৃত্তৰ হাতত নৃশংসভাৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক আটক কৰি শাস্তি প্ৰদান কৰিবলৈ শুকুৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰযোগে আহ্বান জনায় সংগঠনটোৱে ৷

ইপিনে উক্ত স্মাৰক পত্ৰৰ জৰিয়তে উক্ত লোমহৰ্ষক ঘটনাটোত কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা পিতৃ-মাতৃহাৰা ৬ বছৰীয়া কবিতা ৰায়ৰ ভৱিষ্যৎ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ভৰণ-পোষণ আৰু সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈও কোকৰাঝাৰ জিলা উপায়ুক্তক দাবী জনায় সংগঠনটোৱে ৷