কোকৰাঝাৰ, 22 ফেব্ৰুৱাৰীঃ বিটিএডিৰ ঠায়ে ঠায়ে জনসভা বিজেপিৰ । বিটিচিৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বিজেপিয়ে কাৰ সৈতে মিত্ৰতা কৰিব তাকে লৈ সঘনে প্ৰশ্ন উত্থাপিত হৈছে ৷ তেনে সময়তে শনিবাৰে বিজেপিৰ মুখপাত্ৰ তথা অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বুৰুৱাই মিত্ৰতা সন্দৰ্ভত দলীয় শীৰ্ষ নেতৃত্বই দুই এদিনতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে ।
![বিটিচি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-jayanta-malla-03-vis-7204384_22022020192425_2202f_02026_553.jpg)
কোকৰাঝাৰ জিলা বাওশুংৰী পৰিষদীয় সমষ্টিৰ হৰিণাগুড়িত শনিবাৰে এক দলীয় জনসভাত অংশগ্ৰহণ কৰি বিজেপিৰ মুখপাত্ৰ তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে, মিত্ৰতা কাৰ লগত হ'ব, কেনেধৰনে হ'ব দলীয় শীৰ্ষ নেতৃত্বই দুই এদিনতে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও এয়া নিশ্চিত যে এইবাৰ বিজেপি দলে নিশ্চিতভাবে বিটিচি চৰকাৰৰ অংশীদাৰত থাকিব । ইপিনে জয়ন্ত মল্ল বৰুৱাই দুৰ্নীতিৰ ওপৰত বিজেপিয়ে শূণ্য সহণশীলতা নীতি অব্যাহত আছে বুলি সদৰী কৰি কয়, বিটিচিও কঠোৰ হ' ব ৷
উল্লেখ্য যে, ক্ৰমাগতভাৱে বিটিচিৰ 40 টা পৰিষদীয় সমষ্টিতে সাংগঠনিক ষ্টিতি সবল কৰিবলৈ জোৰদাৰ প্ৰচাৰ অভিযান আৰু সভা আৰম্ভ কৰি আহিছে বিজেপিয়ে ।