কোকৰাঝাৰ, 14 আগষ্টঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত জয়মা বিদ্যুৎ পাৱাৰ হাউচৰ পয়া লগা অৱস্থা । পাৱাৰ হাউচত নাই কৰ্মচাৰী । নাই ফোনৰ ব্যৱস্থা । ৰাইজে যোগাযোগ কৰিবলৈ বিভাগটোত এটা ম'বাইল আছিল যদিও সেয়াও বেয়া হোৱাত দীৰ্ঘদিন ধৰি ৰাইজৰ সৈতে যোগাযোগ বিছিন্ন হৈ আছে বিভাগটোৰ । ইপিনে অধিকাংশ দিনেই দুই-এটা ফিডাৰ বিকল হৈ থাকে । বিদ্যুৎ যোগান নিয়মিত ভাৱে লাভ কৰিলেও ফিডাৰ ইত্যাদি বিকল হৈ থকা বাবে ৰাইজে বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ আহিছে । জয়মা পাৱাৰ হাউচৰ পৰা প্ৰায় ছয়টা ফিডাৰৰ জৰিয়তে কেইবা লাখ ৰাইজে বিদ্যুৎ লাভ কৰি আহিছে ।
কিন্তু বিষয়া কর্মীৰ অভাৱ আৰু পুৰণি মেচিন, তাঁৰ, খুঁটা আৰু অন্যান্য সামগ্ৰীয়ে এতিয়া বিভাগটোক বিপাঙত পেলাইছে । যাৰ ফলত উৎকট গৰমত বিদ্যুতৰ অভাৱত ছট ফটাই থাকিব লগীয়া হৈছে ইয়াৰ সৰ্বসাধাৰণ ৰাইজ । স্থানীয় ৰাইজৰ অভিযোগ বিভাগটোৰ উৰ্ধত কর্তৃপক্ষৰ চৰম হেমাহিৰ ফলতেই গোসাঁইগাঁৱৰ ৰাইজে জীয়াতু ভোগ কৰি আহিছে ।