কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী: কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ (International Knowledge Festival at Bodoland University)। চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত নোৱেল বঁটা বিজয়ী মহম্মদ ইউনিছ, ইংলণ্ড, জাৰ্মানী, ছুইডেন, ম্যানমাৰ, টাইৱান আদিকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, দেশৰ বিখ্যাত তাৰকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব (Nobel Laureate Mohammad Younis)। দেশ-বিদেশৰ প্ৰতিটো ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান উৎসৱক কেন্দ্ৰ কৰি চহৰখনত এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে ।
শনিবাৰে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু বিটিআৰ চৰকাৰৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় জ্ঞান উৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয় (BTR Chief Executive Member Pramod Boro)। বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে এই উৎসৱ সুকলমে অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰি কয় যে জ্ঞান, শান্তি-সম্প্ৰীতি আৰু স্থিৰতাৰ মাজেৰে আগবাঢ়িলে সমাজৰ উন্নয়ন সাধন হয় । তেওঁ পুনৰ কয় যে আন্তঃৰাষ্ট্ৰীয় জ্ঞান উৎসৱে বড়োলেণ্ড অঞ্চলৰ বাবে ইতিবাচক দিশৰ সন্ধান দিব ।
ইপিনে, বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে প্ৰাক্তন মুখ্য় কাৰ্যবাহী সদস্য় তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰে । যোৱা শুকুৰবাৰে বংশীগাঁৱত অনুষ্ঠিত বিপিএফৰ সভা এখনত হাগ্ৰামা মহিলাৰীয়ে অহা দুমাহৰ ভিতৰত তেওঁ গালি-গালাজৰ লাইচেঞ্চ পাব আৰু লাইচেঞ্চ পালেই ধোঁৱা বাহিৰ কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰমোদ বড়োৱে বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে নো কি কৰিছিল বুলি প্ৰশ্ন কৰে । কিমান জুই ওলাল, ধোঁৱা ওলাল, লাভা বাহিৰ হ'ল বুলি হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে । মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োই কয়,"পূৰ্বতকৈ নো কিমান বেয়া কৰিব ? ২০০ -০৯ চনত কিমান ঘটনা ঘটিছিল, সাংবাদিকক গুলিয়াই মাৰিছিল ।’’
২০২০ চনৰ পিছত হে শান্তি ঘূৰি আহিল বুলি মন্তব্য় কৰি তেওঁ কয় যে, এতিয়াও কিছুমান কাৰক আছে যিবোৰে অশান্তি বিয়পাবলৈ চেষ্টা কৰি থাকে । তেওঁলোকক কঠোৰ হাতেৰে দমন কৰা হ'ব বুলিও তেওঁ সঁকিয়াই দি কয়, "পৃথিৱীখন আমাতকৈ বহু আগুৱাই গ'ল । গতিকে চৰকাৰে এইবোৰ বিষয়ৰ ওপৰত কঠোৰ দৃষ্টি দি আছে ।" তেওঁ কয় যে, চৰকাৰৰ বৰ্তমান মূল উদ্দেশ্যই হ'ল শান্তি আৰু সুৰক্ষা বৰ্তাই ৰখা । হাগ্ৰামা মহিলাৰীয়ে ধোঁৱা ওলাব বিচাৰিলে প্ৰথমে জুই জ্বলাব লাগিব আৰু জুই জ্বলালেই পানী ঢালিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে কয়, "নিৰ্বাচন পাঁচ বছৰৰ মূৰে মূৰে আহিব, যাব কিন্তু উন্নয়ন হে মূল উদ্দেশ্য হোৱা উচিত ।"
লগতে পঢ়ক:Reaction of Bodo Sahiya Sobha: বিত্তীয় খেলিমেলিৰ অভিযোগ অস্বীকাৰ বড়ো সাহিত্য সভাৰ