ETV Bharat / state

International Gyan Festival: বড়োলেণ্ডত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন

author img

By

Published : Feb 23, 2023, 9:14 PM IST

কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ (International Gyan Festival) আয়োজন কৰা হৈছে ৷ আজি এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে (BTR Chief Pramod Boro) ৷

International Gyan Festival will be held in Kokrajhar
আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন
আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ (International Gyan Festival) ৷ অহা 27 ফেব্ৰুৱাৰীৰ পৰা কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত (Bodoland University Kokrajhar) আয়োজন কৰা হৈছে এই মহোৎসৱৰ ৷ এই মহোৎসৱৰ মূল লক্ষ্য হৈছে কোকৰাঝাৰক জ্ঞান আৰু শান্তিৰ গন্তব্যস্থান হিচাপে আন্তর্জাতিক পৰ্যায়ত প্ৰতিষ্ঠা কৰা (International Gyan Festival in Kokrajhar) ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ’ন (বিটিআৰ) চৰকাৰৰ সহযোগত প্ৰথমবাৰৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আয়োজন কৰিছে (International Gyan Festival at Bodoland University) । বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত চাৰিদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ অনুষ্ঠিত কৰা হ’ব ৷ এই মহোৎসৱত বাংলাদেশৰ নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), কেন্দ্রীয় শিক্ষা আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ আৰ কে ৰঞ্জন সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপৰিও অসমৰ ৫ খন বিশ্ববিদ্যালয়ৰ উপাচার্যও উপস্থিত থাকিব ৷

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল লিলিত এক সংবাদমেল আয়োজন কৰি বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে (BTR Chief Pramod Boro) কয়, “বিটিআৰত এতিয়ালৈ অনুষ্ঠিত হোৱা বৃহৎ অনুষ্ঠানসমূহৰ ভিতৰত এটা হ'ব এই মহোৎসৱ ৷ আমি এই অনুষ্ঠানৰ জৰিয়তে শিক্ষা, জ্ঞানৰ ভাগ-বতৰা আৰু পৰ্যটনৰ ক্ষেত্ৰখনত কোকৰাঝাৰ আৰু বিটিআৰক প্ৰতিষ্ঠা কৰিব বিচাৰিছো ৷ বছৰ বছৰ ধৰি কোকৰাঝাৰ আৰু বিটিআৰক নেতিবাচকভাৱে উপস্থাপন কৰা হৈছিল ৷ আমি উগ্ৰবাদ আৰু পিছপৰা অঞ্চল হিচাপে পৰিচিত আছিলো ৷ এটা সময়ত বিটিচি বা কোকৰাঝাৰ বুলি কলে মানুহে ভয় কৰিছিল ৷ কিন্তু এতিয়া সেই সময় নাই ৷ সময় সলনি হৈছে আৰু বিটিআৰ আগবাঢ়ি গৈছে ৷’’

প্ৰমোদ বড়োৱে লগতে কয়, "এই আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ জৰিয়তে আমি সমসাময়িক মানৱ সমাজৰ উদ্বেগসমূহৰ সমাধানৰ বাবে আলোচনা আৰু অংশগ্ৰহণমূলক অগ্ৰাধিকাৰ থকা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰো ৷ যাৰ জৰিয়তে সংঘাতৰ পিচৰ পৰিস্থিতিত সৃষ্টি হোৱা সামাজিক আৰু অর্থনৈতিক উদ্বেগ নাইকিয়া কৰিবলৈ এক বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব ৷" (Press meet on International Gyan Festival)৷

ইয়াৰোপৰি তেওঁ কয় যে, আমি আশা কৰিছো যে কেৱল বিটিআৰতেই নহয় সমগ্ৰ অসমবাসীৰ লগতে শৈক্ষিক সমাজে আমাৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে সহযোগিতা আগবঢ়াব ৷

লগতে পঢ়ক:Union Budget 2023 : কেন্দ্ৰীয় বাজেটক অমৃত কালৰ সৰ্বোত্তম বাজেট আখ্যা হৰেনছিং বে'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.