ETV Bharat / state

International Theatre Festival: কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি

author img

By

Published : Feb 4, 2023, 2:23 PM IST

সফল সামৰণি পৰিল কোকৰাঝাৰত অনুষ্ঠিত হোৱা প্ৰথম মৈহুৰ আন্তৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ(International Drama Festival concludes in Kokrajhar) । নেপাল, শ্ৰীলংকাৰ উপৰিও দেশৰ তেৰটাকৈ নাট্য দলে নাট পদৰ্শন কৰা আন্তৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ শেষৰ নিশা ৰাজস্থানী নাটক "ৰদালী " উপভোগ কৰি আপ্লুত হৈ পৰিল বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷

International Drama Festival concludes in Kokrajhar
কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি

কোকৰাঝাৰ,৪ ফেব্ৰুৱাৰী: লৌৰগী নাট্য গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ চৰকাৰৰ সহযোগত পোনপ্ৰথমবাৰৰ সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰথম মৈহুৰ আন্তৰাষ্ট্ৰীয় নাট মহোৎসৱ(International Theatre Festival in Kokrajhar) ৷ বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পত ২৮ জানুবাৰীৰ পৰা আৰম্ভ হোৱা প্ৰথম মৈহুৰ আন্তৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ২০২৩ ৰ শুক্ৰবাৰে নিশা সফল সামৰণি পৰে(International Drama Festival concludes in Kokrajhar) ৷

লৌৰগী নাট্য গোষ্ঠীৰ উদ্যোগত আৰু বিটিআৰ চৰকাৰৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত ২৮ জানুবাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল প্ৰথম মৈহুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ৷ শুক্ৰবাৰে নিশা ৰাজস্থানী পৰম্পৰাগত নাটক "ৰদালী" প্ৰদৰ্শনীৰে আন্তৰাষ্ট্ৰীয় নাট মহোৎসৱখনৰ সামৰণি পৰে । সামৰণি নিশা "ৰদালী " নাট উপভোগ কৰি আপ্লুত হৈ পৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । শেষৰ দিনা নাট মহোৎসৱত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিংসহ আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

লৌৰগী নাট্য গোষ্ঠীৰ উদ্যোগত প্ৰথম বাৰৰ বাবে আয়জিত হোৱা আন্তৰাষ্টীয় নাট্য মহোৎসৱে সকলোকে আদৰি লবলৈ সক্ষম হোৱাত কৃতজ্ঞতা জ্ঞাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ শিল্পীসকলৰ প্ৰতিভাবোৰ এখন মঞ্চ পোৱাত আনন্দ প্ৰকাশ কৰে বিটিআৰ প্ৰধানগৰাকীয়ে ৷ পোন প্ৰথমবাৰৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত বহিঃৰাষ্ট্ৰ নেপাল, শ্ৰীলংকাৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ তেৰটাকৈ প্ৰখ্যাত নাট্য গোষ্ঠীৰ দলে অংশগ্ৰহণ কৰিছিল(Foreign country Participation in International Drama Festival) ৷

ইফালে বিগত এসপ্তাহ ধৰি চলা আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱত প্ৰদৰ্শিত হোৱা দেশী বিদেশী প্ৰত্যেকখন নাটকে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে নাট্য মহোৎসৱৰ সঞ্চালক তথা লৌৰগী নাট্য গোষ্ঠীৰ সম্পাদক সঞ্জীৱ ব্ৰহ্মই ৷ উল্লেখ্য যে, কেইবাখনো বহিঃৰাষ্ট্ৰৰ তথা দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা নাট্যদলে বডোফা সাংস্কৃতিক প্ৰকল্পত গাঁৱৰ আৰ্হিত নিৰ্মাণ কৰা অস্থায়ী গাঁৱত পঁজা ঘৰত থাকি নাট পদৰ্শন কৰি অভিভূত হৈ পৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷

জানিব পৰামতে আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত অংশগ্ৰহণ কৰিবৰ বাবে আবেদন জনাইছিল দেশ-বিদেশৰ প্ৰায় ৭২ খন দেশে । ভাৰতৰ উপৰিও শ্ৰীলংকা, নেপাল, ইটালী, টাইৱানৰ নাট্য দলসমূহেও আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱত অংশগ্ৰহণ কৰিবৰ বাবে আবেদন-পত্ৰ আগবঢ়াইছিল । কিন্তু উৎসৱ সমিতিৰ জুৰিয়ে ৭২ টা নাট্য দলৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱত নাট প্ৰদৰ্শনৰ বাবে কেৱল মাত্ৰ ১৩ টা দলকহে নিৰ্বাচিত কৰিছিল ৷

লগতে পঢ়ক: Expo Organic North East: জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে মহানগৰীত এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.