কোকৰাঝাৰ/চিৰাং, ২৬ জুন : মাৰাত্মক ড্ৰাগছ আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে শনিবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে ড্ৰাগছ বিৰোধী আৰু অবৈধ মানৱ সৰবৰাহ দিৱস । দেশ তথা অসমৰো জিলাই জিলাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । শনিবাৰে কোকৰাঝাৰ সদৰ থানাৰ ভিডিপিৰ প্ৰেক্ষাগৃহত আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী আৰু অবৈধ মানৱ সৰবৰাহ দিৱস উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰে ।

উক্ত অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰ, উপ-আৰক্ষী অধীক্ষক পুনম পেগু, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক শইকীয়াৰ লগতে ভিডিপিৰ সদস্য আৰু আইডিয়েল স্বেচ্ছাসেৱী সংস্থাৰ সদস্যসকল উপস্থিত থাকে । অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকীয়নি দিয়ে । লগতে অভিভাৱকসকলক নিজৰ সন্তানৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীয়ে ।

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ সমাজৰ প্ৰতিজন ব্যক্তি সচেতন হ'ব লাগিব আৰু এইক্ষেত্ৰত আৰক্ষীক সহযোগ কৰিব লাগিব বুলি মন্তব্য কৰি ড্ৰাগছৰ বোহাৰ সৈতে কিছুমান উগ্ৰপন্থী সংগঠন জড়িত আছে বুলি তেওঁ মন্তব্য কৰে ।

ধনৰ বাবে উগ্ৰপন্থী সংগঠনে ড্ৰাগছৰ বেহা চলি থকাত সহায় কৰি আহিছে বুলি মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে । আনহাতে, কোকৰাঝাৰত সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী আৰু অবৈধ মানৱ সৰবৰাহ দিৱস উপলক্ষে শনিবাৰে চিৰাং আৰক্ষীয়ে জিলাখনৰ ঢালিগাঁও বজাৰত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ।

ঢালিগাঁও থানাৰ আৰক্ষীয়ে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে । ড্ৰাগছ সেৱন কৰা, ক্ৰয় কৰা আৰু বিক্ৰী কৰা যে আইনমতে দণ্ডনীয় সেয়া সকলোকে অৱগত কৰে । এই বিষয়ে ৰাইজক সজাগ কৰাৰ লগতে এই সন্দৰ্ভত কোনো তথ্য লাভ কৰিলে লগে লগে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় । ড্ৰাগছৰ বেহা বন্ধ কৰাৰ বাবে জিলাখনত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: টেলিকম কোম্পানীৰ হেমাহি: অনলাইন ক্লাছৰ পৰা বঞ্চিত শিক্ষাৰ্থী