কোকৰাঝাৰ, 19 জুনঃ ভাৰতীয় সেনাৰ অপাৰেশ্বন সদ্ভাৱনাৰ উদ্যোগত খেলৰ সামগ্ৰী বিতৰণ কৰে ৰঙিয়াস্থিত ৰেড হৰ্ণ ডিভিজনে ৷ ৰঙিয়াস্থিত ৰেড হৰ্ণ ডিভিজনৰ মুখ্যালয়ৰ এটি সজাঁতী দলে কোকৰাঝাৰৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও খেলৰ সামগ্ৰীসমূহ বিতৰণ কৰে ৷
![EtvBharatAssam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/img-20190618-wa00061560961887035-37_1906email_1560961898_597.jpg)
![EtvBharatAssam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/img-20190618-wa00091560961887036-0_1906email_1560961898_481.jpg)
সেনাৰ এই উদ্যোগক শলাগ লৈছে বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰীসকলৰ অভিভাৱকসকলে ৷ ভাৰতীয় সেনাই দেশৰ ৰক্ষাৰ লগতে দেশৰ জনতাৰ কাষত প্ৰয়োজনত এইদৰে ঠিয় হৈ অহাটোত অতিকে সন্তোষজনক বুলি আখ্যা দিয়ে অভিভাৱকসকলে ৷