ETV Bharat / state

কোকৰাঝাৰত ভূমি আৰু ৰাজহ বিভাগৰ নিযুক্তিত অনিয়ম - বি টি এ ডি

অস্থায়ীভাৱে নিয়োজিত কৰ্মচাৰীক বঞ্চিত কৰি নিযুক্তি দিয়াৰ অভিযোগ

কোকৰাঝাৰত ভূমি আৰু ৰাজহ বিভাগত নিযুক্তিত অনিয়ম
author img

By

Published : Mar 28, 2019, 8:46 PM IST

কোকৰাঝাৰ,28 মাৰ্চ: বি টি চিৰ ভূমি আৰু ৰাজহ বিভাগৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ ৷ বিজ্ঞাপন নিদিয়াকৈ নতুন প্ৰাৰ্থীক অবৈধ ভাৱে চাকৰিত নিযুক্তি কৰাত ক্ষুব্ধ একাংশ বঞ্চিত অস্থায়ী কৰ্মচাৰী ৷ উল্লেখ্য যে, পূৰ্বৰ বি টি চিৰ চেন্ট্ৰেল চিলেক্সন বৰ্ড (চি এছ বি) ৰ দ্বাৰা নিৰ্বাচিত হৈ ফিক্স পে'ত চাকৰিত নিযুক্তি প্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ চাকৰিয়াল সকলক নিয়মীয়াকৰণ নকৰি পুনৰ একাংশ লোকক চাকৰিত নিযুক্তি দিয়াত ক্ষুব্ধ হৈ পৰিছে পূৰ্বৰ চাকৰিয়ালসকল ।

কোকৰাঝাৰত ভূমি আৰু ৰাজহ বিভাগত নিযুক্তিত অনিয়ম

যাৰ বাবে বৃহস্পতিবাৰে বি টি এডিৰ সদৰ কোকৰাঝাৰস্থিত ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে বঞ্চিত ক্ষুব্ধ চাকৰিয়ালসকলে ৷ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰে অনিয়মভাৱে নিযুক্তি দিয়া কাৰ্য্যক তদন্ত কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় ৷ অন্য়থা বঞ্চিতসকলে আইনৰ সহায় লোৱাৰ হুংকাৰ দিয়ে ।ইপিনে অবৈধভাৱে নিযুক্তি দিয়াৰ আধাৰত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে বুজন পৰিমানৰ ধনৰ বিনিময়ত নিযুক্তি প্ৰদান কৰাৰ অভিযোগ বঞ্চিতসকলৰ ।

Intro:বি টি চি ভুমি আৰু ৰাজহ বিভাগৰ চাকৰি নিযুক্তিত অনিয়ম 

বিঞ্জ্যপন নিদিয়াকৈ নতুনকৈ মতা অংক লৈ অবৈধ ভাৱে চাকৰি নিযুক্তি কৰাৰ অভিযোগ l

লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকা সময়তে নিৰ্বাচন কৰ্ড অফ কন্ডাক লাগু হোৱা পূৰ্বে বি টি চিৰ ভুমি আৰু ৰাজহ বিভাগত কোনো বিঞ্জ্যাপন নিদিয়াকৈ আৰু পূৰ্বৰ বি টি চিৰ চেন্ট্ৰেল চিলেক্সন বৰ্ড (চি এছ বি) ৰ দ্বাৰা নিৰ্বাচিত হৈ পিক্স পে চাকৰিত নিযুক্তি প্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ চাকৰিয়াল সকলক ৰেগুলাৰ নকৰি আকৌ নতুনকৈ চাকৰিত নিযুক্তি দিয়াত ক্ষুব্দ হৈ পৰিছে বি টি চি চি এছ বি চিলেক্টেড আন ৰেগুলাৰাইজড চাকৰিয়াল সন্থাই।

Body:আজি বি টি এ ডিৰ সদৰ কোকৰাঝাৰ চহৰস্থিত ভুমি আৰু ৰাজহ বিভাগৰ কাৰ্যালয় সৌহদত ক্ষুব্দ হৈ সংবাদ মাধ্যমৰ যোগেদি সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষকলৈ অনিয়ম ভাৱে নিযুক্তি দিয়া কাৰ্য্যক তদন্ত কৰিবলৈ দাবী কৰি অতি কম সময়ত উক্ত সমস্যা সমাধান কৰি নিদিলে আইনৰ সহায় লবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে । বি টি চি চি এছ বি চিলেক্টেড আন ৰেগুলাৰাইজড চাকৰিয়াল সন্থাৰ সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে বি টি চি চিএছ বিৰ দ্বাৰা সম্পূৰ্ণ বাচনি প্ৰক্ৰিয়াৰে বৈদ্য ভাৱে যোৱা ২০১১ চনত চতুৰ্থ শ্ৰেণীত নিযুক্তি প্ৰাপ্ত কোকৰাঝাৰ, চিৰাং, উদালগুৰী আৰু বাক্সা আদি জিলাত পিক্স পে হিচাপে মুঠ ১৯৪ জনক চাকৰিত নিযুক্তি প্ৰদান কৰি আজিলৈ সংশ্লিষ্ট বিভাগে কৰ্মত কটাই আহিছে । কিন্তু আজিলৈকে চাকৰি নিয়মীয়া কৰা নাই । তাতকৈ দুৰ্ভাগ্যজনক ভাৱে পূৰ্বৰ চাকৰিয়াল সকলক নিয়মীয়া নকৰাকৈ আৰু কোনো চাকৰিৰ বিঞ্জ্যাপন নিদিয়াকৈ ১৭ জনক চাকৰিত নতুনকৈ নিযুক্তি আৰু বৈজন্তি মুছাহাৰী লগত আন এজনক নিয়মীয়া চাকৰিত নিযুক্তি দিয়াকলৈ আজি ক্ষুব্দ হয় পূৰ্বৰ পিক্স পে চাকৰিয়াল সকলে ।

Conclusion:অবৈধ ভাৱে নিযুক্তি দিয়াৰ আধাৰত সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে মতা অংশ ধন লৈ নিযুক্তি দিয়া বুলি কঠোৰ অভিযোগ তুলি উক্ত কাণ্ডক তদন্ত কৰিবলৈ দাবী কৰে। অন্যথা আইনৰ সহায় লবলৈ বাধ্য হব বুলিও হুংকাৰ দিছে ভুক্তভোগি সকলে । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.