কোকৰাঝাৰ,17 জুলাই : বহু প্ৰতীক্ষাৰ অন্তত শুকুৰবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্ত নেওগে বিধানসভাত দাখিল কৰিলে অসম বাজেট 2021-22 ৷ কিন্তু এই বাজেটত অসমৰ 27 হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ কল্যাণৰ বাবে একো কথাই অন্তৰ্ভূক্ত নকৰাত ক্ষুব্ধ হৈ পৰিছে গৃহৰক্ষী জোৱানসকল ৷ শনিবাৰে এই সন্দৰ্ভত কোকৰাঝাৰত সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ পৰ্যবেক্ষক চুদু আলী আৰু সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাহাদত হুছেইনে সংবাদ মাধ্যমৰ জৰিয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ লগতে এইখন বাজেটে গৃহৰক্ষীসকলক একো নিদিলে বুলি মন্তব্য কৰে দুয়োগৰাকী বিষয়ববীয়াই ৷
আনহাতে, সংবাদ মাধ্যমৰ জৰিয়তে অসমত থকা 27 হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানক বাৰে বাৰে প্ৰতাৰণা কৰা হৈছে বুলি মন্তব্য কৰিছে চুদু আলী আৰু ছাহাদত হুছেইনে ৷ আন ৰাজ্যত গৃহৰক্ষীৰ জোৱানসকলে বহু সা-সুবিধা লাভ কৰে ৷ অসমত দিনে 300 টকাত কাম কৰিব লগা হৈছে ক্ষোভ প্ৰকাশ কৰে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ বিষয়ববীয়া দুগৰাকীয়ে ৷
সকলো চাকৰিয়ালৰ দৰমহা বাঢ়িল, বোনাচ বাঢ়িল, চাহ শ্ৰমিকৰ মজুৰি বাঢ়িল, আনকি ঠেলাচালক, ৰিক্সা চালকেই প্ৰতিদিনে এহাজাৰ টকাৰ ওপৰত আয় কৰে যদিও গৃহৰক্ষীসকলক 300 টকাতেই সীমাৱদ্ধ ৰাখিলে বুলি ক্ষোভ প্ৰকাশ কৰে দুয়োগৰাকী বিষয়ববীয়াই ৷ ব্যাপক হাৰত হোৱা মুল্যবৃদ্ধিৰ সময়ত গৃহৰক্ষীৰ বাবে প্ৰতিদিনে 300 টকা নিচেই নগন্য বুলি মন্তব্য কৰে সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাহাদত হুছেইনে ৷ উল্লেখ্য যে, গৃহৰক্ষী সন্থাৰ নেতা দুগৰাকীয়ে গৃহৰক্ষীৰ সমস্যা সমাধানৰ বাবে জনতা ভৱনত দুবাৰকৈ আলোচনা কৰিছিল যদিও চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি অসাৰ হৈ ৰ'ল ৷
গৃহৰক্ষী জোৱানৰ সমস্যা সমাধানৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষই একোৱেই মাত নামাতে বুলি ক্ষোভ প্ৰকাশ কৰি বুধবাৰৰ ভিতৰত গৃহৰক্ষীৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে দুয়োগৰাকী বিষয়ববীয়াই ৷ নহ’লে কৰ্মবিৰতি পালন কৰাৰ লগতে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে সদৌ অসম গৃহৰক্ষী সেচ্ছাসেৱক কল্যাণ সন্থাৰ পৰ্যবেক্ষক চুদু আলী আৰু সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাহাদত হুছেইনে ৷ এইক্ষেত্ৰত চৰকাৰে কি স্থিতি গ্ৰহণ কৰে লক্ষণীয় হ’ব ৷
লগতে পঢ়কঃ হিতাধিকাৰী বেয়া পোৱা মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সৃষ্টিত নামিল কিয় !