কোকৰাঝাৰ,১৭জুন : বিটিআৰ সদৰ কোকৰাঝাৰ চহৰত সৃষ্টি হোৱা ভয়াৱহ বানত জলবন্দী হ’ব লগা হৈছে হাজাৰ হাজাৰ জনতা (People of Kokrajhar city waterlogged in flood) চহৰখনৰ শান্তিনগৰ ,সুভাষপল্লী, জেডি ৰোড, আৰএনবি ৰোড, থানাপাৰা ,আদিকে ধৰি প্ৰতিটো ৱাৰ্ড এতিয়া বানত বুৰ গৈছে ৷ চহৰখনৰ সমীপেৰে বৈ যোৱা গৌৰাং নৈৰ পানী ফেনে-ফুটুকাৰে বাঢ়ি অহাত নৈপৰীয়া বাগিছা গাঁৱৰ শতাধিক পৰিয়াল জলবন্দী হৈছে ৷ মূলতঃ গৌৰাং নৈৰ বাঢ়নি পানী আৰু ধাৰাষাৰ বৰষুণে সমগ্ৰ কোকৰাঝাৰ চহৰখনক প্লাৱিত কৰি পেলাইছে ।
বানত কোকৰাঝাৰৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ আৱাসো ডুব যোৱা বুলি জানিব পৰা গৈছে (Local MLA house submerged in flood ) । বানৰ ফলত চহৰখনত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিস্থিতি সন্দৰ্ভত বিধায়ক ৰবিৰাম নাৰ্জাৰীৱে কয় যে বৰষুণৰ পানী ওলাই যোৱাৰ বাবে যিধৰণৰ নলা-নৰ্দমাৰ প্ৰয়োজন সেয়া কোকৰাঝাৰ চহৰত নাই । ইয়াৰোপৰি চহৰখনক সমানে দুভাগ কৰা ৰে'লআলিত থকা কালভাৰ্ট সমূহ সৰু হোৱাৰ বাবে পানী সুচলভাৱে ওলাই যাব নোৱাৰে । কোকৰাঝাৰক বানমুক্ত কৰিবলৈ হ'লে ৰাজ্য় চৰকাৰ আৰু বিটিচি চৰকাৰে ৰে'ল বিভাগৰ স'তে কথা পাতি সমস্যাটোৰ সমাধান কৰিব লাগিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।
আনহাতে, চহৰখনৰ নলা সমূহৰ অপৰিকল্পিত নিৰ্মান, খাল, জলাশয় পুতি অট্টালিকা নিৰ্মান কৰা আদি কাৰণত সদৰ চহৰখনত বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । তাৰোপৰি চহৰখনৰ অন্তৰ্গত নাৰাবাৰীত প্ৰধান নলা-নৰ্দমা সমূহৰ ওপৰত সৰু-বৰ দোকান নিৰ্মাণ কৰাৰ পৰিণতিত পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হৈছে ৷
ইপিনে, জলবন্দী সকলক উদ্ধাৰৰৰ বাবে জিলা প্ৰশাসনে আৰম্ভ কৰিছে অভিযান । SDRF ৰ সহায়ত জিলা প্ৰশাসনে বানাক্ৰান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান আৰম্ভ কৰা বুলি কোকৰাঝাৰৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰ ফুকনে সদৰী কৰিছে (Administration rescue operation in collaboration with SDRF) ৷ ইফালে উদ্ধাৰ অভিযানত প্ৰথমেই গৰ্ভৱতী মহিলা, ৰোগী, শিশু, বৃদ্ধ লোকসকলক উদ্ধাৰৰ কাম আৰম্ভ কৰা হ'ব বুলি জনালে প্ৰশাসনৰ লোকে ।
উল্লেখ্য যে বানৰ বাবেই শুকুৰবাৰে চহৰখনৰ লোকসকলৰ স্বাভাৱিক জীৱন-যাত্ৰা সম্পূৰ্ণ ব্যাহত হৈছে । চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহত উপস্থিতিৰ হাৰ সেৰেঙা দেখা যায় । আনহাতে, জিলাখনৰ বহু বিদ্যালয় বানৰ কৱলত পৰাৰ ফলত বিদ্যালয়সমূহ বন্ধ ৰাখিবলগীয়া হৈছে । তদুপৰি বহু ব্যৱসায়ীৰ গুদামত পানী সোমাৱাত খাদ্যসামগ্ৰীৰ লগতে চিমেণ্ট আদি সামগ্ৰীও নষ্ট হোৱা বুলি জানিব পৰা গৈছে । অহা ২৪ ঘণ্টাত এনেদৰে ধাৰাষাৰ বৰষুণ পৰি থাকিলে, কোকৰাঝাৰৰ পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনাই দেখা দিছে ।
লগতে পঢ়ক:Flood in Hojai: কপিলী নৈৰ বাঢ়নী পানীত ডুব গৈছে বহু অঞ্চল