ETV Bharat / state

কোকৰাঝাৰৰ ছালাকাটিত মেট্ৰিকৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা । ছালাকাটি হাইস্কুলত থকা ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাথো ৪৭ গৰাকী পৰীক্ষাৰ্থী শুকুৰবাৰে ঘোষিত হোৱা ফলাফলত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত শনিবাৰে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ।

কোকৰাঝাৰৰ ছালাকাটিত HSLC ৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 1, 2021, 9:13 AM IST

কোকৰাঝাৰ,৩১ জুলাই : SEBA ই শুকুৰবাৰে ঘোষণা কৰা হাইস্কুৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসন্তুষ্টি, প্ৰতিবাদ, ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকা দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগেত কোকৰাঝাৰ জিলাৰ (KOKORAJHAR DISTRICT) ছালাকাটি হাইস্কুলত শনিবাৰে হাইস্কুলৰ শীক্ষান্ত পৰীক্ষাৰ ফলাফলকলৈ (RESULTS) এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখযোগ্য যে, ছালাকাটি হাইস্কুলত থকা ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ ৪৭ গৰাকী পৰীক্ষাৰ্থীয়ে সদ্য ঘোষিত হোৱা ফলাফলত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ।

কোকৰাঝাৰৰ ছালাকাটিত HSLC ৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি
কোকৰাঝাৰৰ ছালাকাটিত HSLC ৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

তাৰপাছতে শনিবাৰে অনুতীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত উপস্থিত হৈ কি কাৰণে অধিকাংশ ছাত্ৰ-ছাত্ৰী অনুতীৰ্ণ হ'ল সেই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰে ৷ কিন্তু বিদ্যালয় কৰ্তৃপক্ষই সঠিক উত্তৰ দিব নোৱাৰাত বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ ছাত্ৰ-ছাত্ৰীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ সন্মুখৰ পথৰ ওপৰতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । ইপিনে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত পৰিৱেশ উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনা কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

আনহাতে আৰক্ষীৰ লাঠীচালনাৰ ফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হোৱা দেখা যায় ৷ সম্প্ৰতি উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে এবিএমছুৰ (ABMSU) কেন্দ্ৰীয় সহকাৰী সম্পাদক মইনুদ্দিন আলীয়ে লগতে অসম আৰক্ষীৰ এই বৰ্বৰতাক তীব্ৰভাৱে সমালোচনা কৰা দেখা যায় । একেদৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফলাফল লাভকৰা নাই সেই সকলক অতি শীঘ্ৰে ফলাফল দিবলৈ দাবী জনাই এবিএমছুৰ (ABMSU) কেন্দ্ৰীয় সহকাৰী সম্পাদক মইনুদ্দিন আলীয়ে ৷

লগতে পঢ়ক : 500 বছৰে প্ৰজ্বলিত হৈ থকা এগছি বন্তি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.