কোকৰাঝাৰ,13 মাৰ্চ: বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে বিস্ফোৰক মন্তব্য ৷ বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত বিপিএফৰ যুৱ কাৰ্যালয়ত শনিবাৰে নিশা আয়োজিত এক অভিভাৱক সভাত বিস্ফোৰক মন্তব্য প্ৰদান কৰি মহিলাৰীয়ে কয় যে, বিজেপি আৰু ইউপিপিএলৰ কেইবাগৰাকীও এমচিএলএ-য়ে বিপিএফৰ সৈতে যোগাযোগত আছে ৷ বিধানসভা নিৰ্বাচনৰ পিচতে তেওঁলোকক লৈয়েই পুনৰ বিটিআৰ পৰিষদীয় চৰকাৰ গঠন কৰিব দলটোৱে ৷ কিন্তু তেওঁলোকৰ নাম প্ৰকাশৰ পৰা বিৰত থাকি বিচাৰি উলিয়াবলৈ মুকলি প্ৰত্যাহ্বা জনাই বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷
![বিধানসভা নিৰ্বাচনৰ পিচতে বিটিআৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-hagramamohilary-vis-byte-photo-10044_13032021213914_1303f_1615651754_616.jpg)
আনহাতে, সমাগত বিধানসভা নিৰ্বাচনত বিজেপি দলে 100+ আসন নাপায় বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে, কংগ্ৰেছ নেতৃত্বাধীন সাতটা ৰাজনৈতিক দলৰ মহাজোঁটেহে 101+ আসন লাভ কৰি আগন্তুক চৰকাৰ গঠন কৰিব ৷ মহিলাৰীয়ে কয়, "এইবাৰ আমি বিজেপিক হৰুৱাম ৷ উজনি অসমত ১৫ মাৰ্চৰ পিচত চেহেৰা সলাই দিম ৷ মুঠতে উজনি-নামনি আৰু উত্তৰ অসমত এইবাৰ বিজেপিক আমি হৰুৱাম ৷ কিয়নো বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা থকাৰ ফলত বিগত বিধানসভা নিৰ্বাচনত কেইবাখনো আসন লাভ কৰিছিল ৷ সমাগত বিধানসভা নিৰ্বাচনত তাৰ ওলোটা হ’ব" ৷
উল্লেখ্য যে, বিপিএফৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত অভিভাৱক সভাত বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, বিপিএফৰ জিলা সভাপতি তথা পৰিষদীয় সদস্য দেৰহাছাৎ বসুমতাৰী, আন দুগৰাকী পৰিষদীয় সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ ব্ৰহ্মকে ধৰি বিপিএফৰ কেইবা গৰাকীও নেতৃবৃন্দ আৰু কোকৰাঝাৰ চহৰৰ শতাধিক ৰাইজ উপস্থিত থাকে ৷
![বিধানসভা নিৰ্বাচনৰ পিচতে বিটিআৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-hagramamohilary-vis-byte-photo-10044_13032021213914_1303f_1615651754_134.jpg)