কোকৰাঝাৰ, 29 নৱেম্বৰ : নিৰ্বাচনী প্ৰচাৰৰ সমানে সমানে বিটিচিত চলিছে তীব্ৰ বাক-বিতণ্ডা ৷ সম্প্ৰতি কিছুদিনৰ পৰা চৰ্চাত আছে হাগ্ৰামা মহিলাৰী আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাক-বিতণ্ডা ৷ শেহতীয়াকৈ এনে বাক-বিতণ্ডাই চূড়ান্ত পৰ্যায় লাভ কৰা দেখা গৈছে ৷ শনিবাৰে ওদালগুৰিৰ হৰিশিঙা আৰু ভৈৰৱকুণ্ডত নিৰ্বাচনী প্ৰচাৰ চলায় বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে ৷ মহিলাৰীয়ে পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে সৰৱ হৈ পৰা দেখা যায উক্ত সভাত ৷ পূৰ্বে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কৈছিল যে, যদিহে বিজেপিয়ে বিটিআৰত চৰকাৰ গঠন কৰিব পাৰে তেন্তে ভোজভাত অথবা পিকনিক খাব ৷ উক্ত কথাৰ প্ৰত্যুত্তৰ প্ৰদান কৰি মন্ত্ৰী শৰ্মাক মহিলাৰীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা পূৰ্বতে আছুৰ পৰা খেদা খাইছিল, লগতে এবছুৰ পৰা খেদা খাইছিল বিশ্বজিৎ দৈমাৰীয়ে ৷ সেয়ে এই মিত্ৰতা খেদা খোৱা দলৰ মিত্ৰতা বুলি সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
তদুপৰি হিমন্ত বিশ্ব শৰ্মাই নিজক বচাবলৈহে বিজেপিত যোগদান কৰিছে ৷ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধেও আছে ধন আত্মসাতৰ অভিযোগ ৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন হিমন্ত বিশ্ব শৰ্মাৰহে নিৰ্বাচনী ইস্তাহাৰ বুলি ওলোটাই মন্ত্ৰী শৰ্মাক কটাক্ষ কৰে বিপিএফ নেতাগৰাকীয়ে ৷
লগতে চাওকঃ কাকজানত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত 10