বৰমা,11এপ্ৰিলঃ হাগ্ৰামা মহিলাৰী আৰু নৱ শৰণীয়াই বিটিচিৰ শান্তিৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি মন্তব্য 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ ৷ বিটিএডি দুৰ্নীতিৰ পাহাৰ বুলি মন্তব্য কৰি প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হ'লে বিটিএডিৰ দুৰ্নীতিৰ তদন্ত কৰা বিষয়টো সংসদত উত্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
62 নং বৰমা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা উৰ্খাউ গৌৰা ব্ৰহ্মই প্ৰতিশ্ৰুতি হিচাপে নহয় কৰ্তব্য হিচাপে সমস্যা সমূহ সমাধান কৰিব বুলি মন্তব্য আগবঢ়াই ৷ হাগ্ৰামা মহিলাৰীয়ে ইউ জি ব্ৰহ্ম আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োক পাইকাৰী বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি হাগ্ৰামা মহিলাৰীহে বড়ো জাতিৰ পাইকাৰী তথা ভাষাৰ একো জ্ঞান নথকা ব্যক্তি বুলি মন্তব্য কৰে ৷ প্ৰাৰ্থী গৰাকীয়ে এইবাৰ নিৰ্বাচনত বিজয়ী হ'লে কোকৰাঝাৰ সমষ্টিৰ সমস্যাসমূহ যেনে গৰাখহনীয়াৰ সমস্যা, উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা, চৰকাৰী ধনৰ অপব্যয়ৰ দুৰ্নীতি এই সমস্যা সমূহ সাংসদত উত্থাপনৰ আশ্বাস দিয়ে ৷