কোকৰাঝাৰ, ৮ এপ্ৰিল: পদ্মশ্ৰী বঁটা প্ৰাপক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° কামেশ্বৰ ব্ৰহ্মক 2021 বৰ্ষৰ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটাৰ বাবে মনোনিত কৰা হৈছে ৷ বৃহস্পতিবাৰে এক বিবৃতি যোগে গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ সম্পাদক ড° অজিত বড়োই এই কথা সদৰি কৰে ৷
বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতিৰ দিশত আগবঢ়োৱা অনবদ্য অবদানৰ লগতে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ দাৰ্শনেৰে পৰিচালিত হৈ সমাজৰ সৰ্বাংগীন উন্নয়নৰ হকে অৰিহণা আগবঢ়াই আহিছে ড° কামেশ্বৰ ব্ৰহ্মই ৷ যাৰ বাবে ড° কামেশ্বৰ ব্ৰহ্মক উক্ত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি প্ৰকাশিত বিবৃতিখনত উল্লেখ কৰা হৈছে ৷
ন্যাসৰ সম্পাদক গৰাকীয়ে সদৰী কৰা মতে, আগন্তুক 18 এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুস্থিত হ’ব লগা 126 তম গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ জন্ম জয়ন্তীৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হ’ব ৷ উক্ত বঁটাৰ লগতে গুৰুদেৱৰ ফটোসহ নগদ 50 হেজাৰ টকা প্ৰদান কৰা হ’ব ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বিশেষ অতিথি হিচাবে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপ চন্দ্ৰ সন্দিকৈ উপস্থিত থাকিব ৷
উল্লেখ্য যে, গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ন্যাসৰ সভাপতি ৰাকেশ্বৰ ব্ৰহ্মৰ সভাপতিত্বত যোৱা ৬ এপ্ৰিলত অনুষ্ঠিত হোৱা এখন সভাত ন্যাসে সাহিত্যিক ড° কামেশ্বৰ ব্ৰহ্মৰ নাম উক্ত বঁটাৰ বাবে বাছনি কৰা হৈছে বুলি সদৰী কৰিছে ন্যাসৰ সম্পাদক অজিত বড়োই ৷
লগতে পঢ়ক: চৰকাৰী ঘোষণাৰ পূৰ্বে বন্ধ ঘোষণা বিদ্যালয় কতৃপক্ষৰ