কোকৰাঝাৰ, 25 মে’: ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ লগতে বিদ্যালয়ৰ পাৰপাৰ্শ্বিকতা তথা পৰিকাঠামোৰ ওপৰত মূল্যায়ণ কৰাৰ উদ্দেশ্যৰে কোকৰাঝাৰতো সোমবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গুণোৎসৱৰ দ্বিতীয় পৰ্যায় (Second phase of Gunotsav 2022) ৷ জিলাখনৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে মুঠ 1,611 খন বিদ্যালয়ৰ সৰ্বমুঠ 1,23,441 গৰাকী ছাত্ৰ-ছাত্ৰীক সাঙুৰি আৰম্ভ হৈছে গুণোৎসৱ 2022(Gunotsav gets underway in Kokrajhar district) ৷
কোকৰাঝাৰ চহৰৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ বুজ ল’বলৈ মঙলবাৰে বিদ্যালয়খন পৰিদৰ্শন কৰে ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰীয়ে(Rajya Sabha MP Rwngwra Narzary) ৷ নাৰ্জাৰীয়ে দেৱৰগাঁও বিদ্যালয়ৰ প্ৰাৰ্থনা সভা আৰু শিক্ষাৰ্থীৰ সৈতে শ্ৰেণীকোঠাত শৈক্ষিক দিশৰ ওপৰত মত বিনিময় কৰা পৰিলক্ষিত হয় ৷ ইফালে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই পৰিদৰ্শন কৰে কোকৰাঝাৰ চহৰৰ ডি এন হিমৎসিনকা হাইস্কুল ৷ বিটিআৰৰ কাৰ্যবাহী সদস্যগৰাকীয়ে বিদ্যালয়খনত গুণোৎসৱৰ বুজ লোৱাৰ সময়তে আৱেগিক হৈ পৰা পৰিলক্ষিত হয় ৷
![Gunotsav gets underway in Kokrajhar district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-gunoutsav-vis-byte-photo-10044_24052022164724_2405f_1653391044_373.jpg)
বিটিআৰৰ কাৰ্যবাহী সদস্য তথা বিজেপি নেতাগৰাকীয়ে পৰিদৰ্শনকালত শ্ৰেণীকোঠাত হঠাৎ এগৰাকী ষষ্ঠ শ্ৰেণীৰ তথা পিতৃহাৰা দৰিদ্ৰ ছাত্ৰৰ পঢ়া-শুনাৰ প্ৰতি থকা হাবিয়াস দেখি আবেগিক হৈ পৰে ৷ তেওঁ ছাত্ৰগৰাকীৰ পঢ়া-শুনাকে ধৰি ঘৰৰ সকলো যাৱতীয় খৰচ বহন কৰাৰ কথা সদৰি কৰে ৷
লগতে পঢ়ক : আজিৰে পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ