কোকৰাঝাৰ,27 এপ্ৰিলঃ বড়োলেণ্ডত সোমবাৰৰ পৰা জাৰি কৰা হ’ল ৰাজ্যপালৰ শাসন ৷ নিৰ্বাচন আয়োগে কৰ’ণা মহামাৰীৰ বাবে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যপালক শাসনভাৰ অৰ্পণ কৰা হয় বড়ো স্বায়ত্ব শাসিত পৰিষদৰ ৷ ‘বড়ো স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা পৰিচালিত অসমৰ উক্ত জিলা কেইখনৰ কাৰ্যভাৰ তাৎক্ষণিকভাৱে অসমৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰা হয় ৷’ অসম চৰকাৰৰ আয়ুক্ত সচিব এম অংগমথুৱে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এই কথা ৷ বিজ্ঞপ্তিখনত এই কথাও উল্লেখ কৰা হয় যে,বড়োলেণ্ডৰ অধীনত থকা জিলাসমূহৰ শাসনকাৰ্য সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত কৰা নহয় ৷
উল্লেখ্যযে, বিগত ১৭ বছৰে বি টি এ ডিত একেৰাহে পৰিষদীয় শাসন চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদৰ কাৰ্যকালৰ সোমবাৰে অন্ত পৰে । ২০০৩ চনৰ পৰাই বি টি এ ডিত শাসন চলাই আহিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে । বিজেপিৰ মিত্ৰ দল হিচাপে দিছপুৰ চৰকাৰতো আছে বি পি এফৰ অংশদাৰীত্ব । সোণোৱাল মন্ত্ৰীসভাত আছে বি পি এফৰ তিনিগৰাকীকৈ মন্ত্ৰী । কিন্তু বি টি এ ডি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি দুই মেৰুত অৱস্থান কৰিছিল বিজেপি আৰু বি পি এফ । ইয়াৰ মাজতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদৰ কাৰ্যকাল ২৭ এপ্ৰিলত শেষ হ'লেও ৰাজ্যপালে পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত কাৰ্যকাল বৃদ্ধি কৰিব বুলিও ৰাজনৈতিক মহলত চৰ্চা চলিছিল । তাৰ মাজতেই সোমবাৰেই সন্ধিয়া এই অধিসূচনা যোগে বি টি এ ডিত ৰাজ্যপালৰ শাসন প্ৰবৰ্তন কৰা হয় ।
আনহাতে,আইএএছ বিষয়া ৰাজেশ প্ৰসাদক বিটিচিৰ প্ৰশাসকৰূপে নিযুক্তি প্ৰদান কৰা হয় ৷ ৰাজ্যপালৰ হৈ বিটিচিৰ প্ৰশাসন চলাব ৰাজেশ প্ৰসাদে ৷ বিটিচিৰ শাসনভাৰ ৰাজ্যপালে লোৱাৰ পিছতই দায়িত্ব অৰ্পণ কৰা হয় ৰাজেশ প্ৰসাদক ৷
লগতে পঢ়ক-মঙলবাৰৰ পৰা খুলিব পাৰিব গ্ৰামাঞ্চলৰ দোকান-পোহাৰঃ কেবিনেটৰ সিদ্ধান্ত