কোকৰাঝাৰ, ১১ জানুৱাৰী : কোকৰাঝাৰৰ নিলগৰ তিতাগুৰী হাইস্কুল প্ৰাংগণত নৱ নিৰ্মিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ছাত্ৰী আৱাসটো সোমবাৰে আনুষ্ঠানিক ভাবে উদ্ধোধন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে ৷ এই উপলক্ষে আয়োজিত এক সভাত অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে,আমি যুগৰ সৈতে খাপ খোৱাকৈ শিক্ষাৰে শিক্ষিত হ’ব লাগিব । যুগৰ সতে খাপ খোৱা শিক্ষাৰে শিক্ষিত নহ’লে সংস্থাপনৰ বাবে যুঁজ কৰিব লগা হয় ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰত বড়োলেণ্ড শিক্ষা নীতি তৈয়াৰ কৰা হ’ব বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷ তেওঁ লগতে কয় যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰত নতুন শিক্ষানীতিৰ খচৰা তৈয়াৰ কৰা হ’ব। ইয়াৰ বাবে জানুৱাৰী মাহৰ পৰাই স্কুলে স্কুলে গৈ তিনিটা পৰ্যায়ত সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা কেৰিয়াৰ কাউঞ্চিলিঙৰ কাম আৰম্ভ কৰা হ’ব ৷ কাউঞ্চেলিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ অনুসৰি দীৰ্ঘম্যাদী পৰিকল্পনাৰে উপযুক্ত শিক্ষাৰে শিক্ষিত আৰু প্ৰশিক্ষিত কৰি সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷
![Girls Hostel Inaugurated by BTC Chief in Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-01-kjr-girlshostelinauguratedbtcchief-vis-photo-10044_11012021180536_1101f_1610368536_1044.jpg)
কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ সু-সমন্বয়ত বিটিআৰৰ শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰা হ’ব মন্তব্য কৰি মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে ছাত্ৰ -ছাত্ৰীসকলক মঙ্গলাৰ্থে সম্ভৱপৰ সকলো ব্যৱস্থাই গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ সভাত বিটিআৰৰ শিক্ষা সচিব অমৰ জ্যোতি বৰ্মন,শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম,জিলা শিক্ষা বিষয়া জয়পাল ব্ৰহ্ম,কোকৰাঝাৰ শিক্ষাখণ্ড বিষয়া প্ৰদীপ কুমাৰ গয়াৰী, তিতাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক : বাৰ্ড-ফ্লুক লৈ ৰাজ্যবাসী আতংকিত হোৱাৰ প্ৰয়োজন নাইঃ অসম পশুধন নিগম