ETV Bharat / state

বিটিআৰৰ দায়িত্ব লৈয়ে আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ - কৰ্মশালা

বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ আৱক্ষ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ বিটিআৰ প্ৰধান গৰাকীক বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়'টেকন’লজি বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

Foundation Stone Laying Ceremony
বিটিআৰৰ দায়িত্ব লৈয়ে আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ
author img

By

Published : Dec 21, 2020, 10:04 PM IST

কোকৰাঝাৰ ২১ ডিচেম্বৰ : কোকৰাঝাৰৰ দেবৰগাঁও স্থিত বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত সোমবাৰে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ আৱক্ষ মূৰ্তি প্ৰতিষ্ঠাৰ বাবে আধাৰশিলা স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । এই উপলক্ষে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্টুপীয়া সভাত অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ প্ৰধান গৰাকীয়ে আজি আধাৰশিলা স্থাপন কৰা গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ আৱক্ষ মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধন বিটিআৰ চৰকাৰে প্ৰদান কৰিব, লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত গৱেষণা আৰু অধ্যয়ন সম্বন্ধীয় বিভিন্ন কৰ্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ বাবেও বিটিআৰ চৰকাৰে প্ৰতি বছৰে আৰ্থিক অনুদান আগবঢ়াব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, আধাৰশিলা কাৰ্যসূচীৰ অন্তত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়'টেকন’লজি বিভাগৰ লেবৰটৰী পৰিদৰ্শন কৰি অভিভূত হৈ পৰে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়'টেকন’লজি বিভাগৰ লেবৰটৰী এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে ৷

আনহাতে, কাঠফুলা উৎপাদনস্থলীও পৰিদৰ্শন কৰি বিভাগীয় কাৰ্যৰ শলাগ লয় প্ৰমোদ বড়োৱে । বিশ্ববিদ্যালয় তৰফৰ পৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এক সম্বৰ্ধনা কাৰ্যসূচীৰ অনুষ্ঠানৰো আয়োজন কৰা হয় আজি ৷

অন্য এক খবৰৰ বাবে: ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ আন এক নতুন ৰাজনৈতিক দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.