ETV Bharat / state

SAI Kokrajhar Centre: কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা কৰ্তন ফুটবল আৰু কাবাডী

author img

By

Published : Apr 12, 2023, 10:17 AM IST

কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী প্ৰত্যাহাৰ ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু এবছুৰ সভাপতি দ্বীপেন বড়োৰ প্ৰতিক্ৰিয়া-কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী প্ৰত্যাহাৰ কৰা কাৰ্য সহজভাৱে মানি লোৱা নহ'ব (SAI Kokrajhar Centre) ৷

Football withdrawn from Kokrajhar SAI Centre
ছাই কেন্দ্ৰৰ পৰা কৰ্তন ফুটবল আৰু কাবাডী
কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা কৰ্তন ফুটবল আৰু কাবাডী

কোকৰাঝাৰ, ১২ এপ্ৰিল: কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী কৰ্তনৰ ষড়যন্ত্ৰ ৷ ছাই কেন্দ্ৰটোৰ পৰা কৰ্তন কৰা হ'ব ফুটবল আৰু কাবাডী ৷ এই সন্দৰ্ভত জাননী জাৰি কৰাৰ পিচতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু এবছুৰ সভাপতি দ্বীপেন বড়োৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ চমুকৈ ছাইৰ উক্ত কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যেতিয়াৰে পৰা উত্তৰ-পূৱ ভাৰতত ফুটবল খেল আৰম্ভ হৈছে তেতিয়াৰে পৰা বা তাৰ আগৰ পৰাই এই অঞ্চলত ফুটবল খেলৰ গৌৰৱময় ইতিহাস আছে ৷ কিছুদিন পূৰ্বে ইয়াত সন্তোষ ট্ৰফী খেল হ'ল , আইএচপিএল হ'ল , কোকৰাঝাৰ ছাই কেন্দ্ৰত ফ্লাড লাইট লগোৱা হ'ল আৰু ইয়াৰ পৰাই কেইবাগৰাকীও ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈৰ জন্ম হ'ল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী প্ৰত্যাহাৰ কৰা কাৰ্য সহজভাৱে মানি লোৱা নহ'ব বুলি মন্তব্য কৰিছে (Football withdrawn from Kokrajhar SAI Centre) ৷

ইতিমধ্যে ইউপিপিএলৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে দেশৰ ক্ৰীড়ামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু বিটিআৰ চৰকাৰেও কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী প্ৰত্যাহাৰ নকৰিবলৈ ক্ৰীড়ামন্ত্ৰী, ছাই কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিব বুলি মন্তব্য কৰিছে ৷ কিহৰ ভিত্তিত কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী আৰু লক্ষীমপুৰ ছাই কেন্দ্ৰৰ পৰা বক্সিং প্ৰত্যাহাৰ কৰিলে সেয়া আমি নাজানো যদিও প্ৰত্যাহাৰৰ সলনি খেলুৱৈসকলক উৎসাহ আৰু সহযোগহে কৰিব লাগে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে (Sports Authority of India) ৷

ইফালে কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী প্ৰত্যাহাৰ কৰা ঘটনাক লৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে এই কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় ৷ যি অঞ্চলৰ, যি ঠাইৰ প্ৰতিভাৱান যুৱক-যুৱতীসকল ক্ৰীড়া ক্ষেত্ৰত বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে তাৰ পৰা ফুটবল আৰু কাবাডী কৰ্তন কৰা কাৰ্য মানি লোৱা নহ'ব ৷ তেওঁলোকে আমাক পিছপৰি থকাটো বিচাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি কোকৰাঝাৰ ছাই কেন্দ্ৰৰ পৰা ফুটবল আৰু কাবাডী প্ৰত্যাহাৰ ৰোধ কৰাৰ বাবে যি পৰ্যায়লৈ যাব লাগে যাব আৰু ৰাজনৈতিক, ন্যায়িক তথা গণতান্ত্ৰিকভাৱেও যুঁজ দিব বুলি মন্তব্য কৰিছে এবছুৰ সভাপতিগৰাকীয়ে (kabaddi withdrawn from Kokrajhar SAI Centre) ৷

লগতে পঢ়ক: Winter Session of Assam Assembly: কোকৰাঝাৰত হ'ব অসম বিধানসভাৰ শীতকালীন অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.