কোকৰাঝাৰ, ১১ জানুৱাৰী: কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা ৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বেচিমাৰী গাঁৱৰ এজন ব্যক্তিক নিৰ্মমভাৱে হত্যা (Murder in Kokrajhar) ৷ মৃত্যু হোৱা ব্যক্তিজনৰ নাম মন্তাজ আলী (৪৭ ) বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই সম্প্ৰতি বেচিমাৰী গাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে নিশা মোনাকোষাত ইছলামধৰ্মী লোকসকলৰ এখনি ধৰ্মীয় সভা চলি আছিল ৷ সেই সভাত উপস্থিত আছিল মন্তাজ আলী ৷ কিন্তু সেই সময়ত কোনো লোকে মোবাইল ফোনযোগে সভাৰ পৰা বাহিৰত মাতি নিয়ে মন্তাজ আলীক ৷ মন্তাজ আলীও ফোন পাই ওলাই যায় বাহিৰলৈ ৷ ইয়াৰ পিছতে দুৰ্বৃত্তই আক্ৰমণ কৰে মন্তাজ আলীক ৷ প্ৰচণ্ড মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে মন্তাজ কৰে ৷
লগতে পঢ়ক: Justice for Dibyaranjan Deka murder : দিব্যৰঞ্জন ডেকাৰ মৃত্যুৰ ন্যায় তদন্তৰ দাবী পৰিয়ালৰ
পিছত সেই স্থানত একাংশ লোক উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ফকিৰাগ্ৰাম আৰক্ষী ৷ আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত ব্যক্তিজনক চিকিৎসালয়লৈ ভৰ্তি কৰোৱায় ৷ কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে মৃত বুলি ঘোষণা কৰে মন্তাজ আলী । ইয়াৰ পিছত মন্তাজ আলীৰ ঘৰখনত উঠে কান্দোনৰ ৰোল ৷
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ প্ৰাথমিক তদন্তত সন্দেহৰ আঙুলি উঠা পাঁচজন লোকক সোধপোচৰ বাবে ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । ইফালে প্ৰেমজনিত কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে (Five people arrested on charges of murder) ৷
উল্লেখ্য যে, মন্তাজ আলী শক্তি আশ্ৰম আঞ্চলিক আমছুৰ প্ৰাক্তন উপ-সভাপতি আছিল ৷ ইপিনে এই হত্যাকাণ্ডৰ ঘটনাক লৈ আমছুৰ কোকৰাঝাৰ জিলা সভাপতি আমিনুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ লগতে মন্তাজ আলীৰ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাণ্ডৰ লগত জড়িত কঠোৰ শাস্তিৰ দাবী জনাইছে আমছুৰ জিলা সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক: Abhi Neel murder case update: চৰকাৰী সাক্ষীৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ