কোকৰাঝাৰ, 24 জুলাই : আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন বিচিএফৰ অধ্যক্ষ দুৰ্গা হাছদাক কাঠৰ মূঢ়া, একো নাজানে, আদিবাসী ৰাইজৰ কি কাম কৰিব পাৰিব বুলি তুচ্ছ-তাচ্ছিল্য বিচিএফৰ প্ৰাক্তন উপ-মুখ্য সেনাধ্যক্ষ তথা বৰ্তমানৰ বিচিএফ কল্যাণ পৰিষদৰ সভাপতি বিশাল ধানোৱাৰৰ ৷ ইয়াকে লৈ আদিবাসী দল-সংগঠনৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
ইফালে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী তথা প্ৰাক্তন বিচিএফৰ অধ্যক্ষ দুৰ্গা হাছদাক উদ্দেশ্যি অপমানসূচক মন্তব্য প্ৰদান কৰা বিশাল ধানোৱাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে প্ৰাক্তন বিচিএফ সহ অস্ত্ৰ সম্বৰণ কৰা আদিবাসী 5 টা সংগঠনৰ নেতৃবৰ্গৰ ৷
দেওবাৰে সন্ধিয়া কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি অস্ত্ৰ সম্বৰণ কৰা আদিবাসী 5 টা সংগঠনৰ নেতৃত্বই কয় যে, বিশাল ধানোৱাৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দুৰ্গা হাছদাৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্য আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক ৷ এই মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দি ভৱিষ্যতে এনে ধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ বিশাল ধানোৱাৰক সকীয়াই দিয়ে আদিবাসী 5 সংগঠনৰ নেতৃত্বই ৷
এনে মন্তব্যৰ জৰিয়তে বিশাল ধানোৱাৰে কেৱল দুৰ্গা হাছদাকেই নহয় সমগ্ৰ আদিবাসী জাতিটোৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো অপমানিত কৰিছে বুলি কয় তেওঁলোকে ৷
বিশাল ধানোৱাৰে কৰা মন্তব্যৰ বাবে অতি শীঘ্ৰে যদি ক্ষমা নোখোজে তেন্তে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈও বাধ্য হ’ব বুলিও কয় সংবাদমেলত উপস্থিত থকা বিচিএফৰ প্ৰাক্তন এৰিয়া কামাণ্ডাৰ শম্ভু হাছদাই ৷ আনহাতে সংবাদমেলত উপস্থিত থকা আদিবাসী সামাজিক সংগঠন জাহেৰ ছাগুন বৈছিৰ সাধাৰণ সম্পাদক ললিত হেমব্ৰমেও বিশাল ধানোৱাৰক উভতি ধৰে ৷
তেওঁ বিশাল ধানোৱাৰক উভতি ধৰি প্ৰশ্ন কৰে যে, যুদ্ববিৰতিৰ পৰা অস্ত্ৰ সম্বৰণলৈ আৰু আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠনৰ সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে বিশাল ধানোৱাৰ নিজেও জড়িত আছিল ৷ তেতিয়া কিয় তেওঁ কোনো ধৰণৰ এটাও শব্দ উচ্চাৰণ কৰা নাছিল বুলি প্ৰশ্ন কৰে নেতাজনে ৷
নেতাগৰাকীয়ে কয় যে, নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে এতিয়া ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দি আদিবাসী কল্যাণ আৰু উন্নযন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাছদাক উদ্দেশ্যি ব্যক্তিগতভাবে আক্ৰোশমুলক মন্তব্য প্ৰদান কৰিছে ৷ হেমব্ৰমে সংবাদ মেলৰ জৰিয়তে বিশাল ধানোৱাৰক ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত উন্নয়নমূলক কাম-কাজত অংশীদাৰ হ’বলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : Harassment of students: ‘‘গাত দোষ নাই; বলি হ’ল গভীৰ ষড়যন্ত্ৰৰ’’; গ্ৰেপ্তাৰৰ পিচত মন্তব্য হেমন্ত শৰ্মাৰ