কোকৰাঝাৰ, ২ মাৰ্চ: হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সোতৰ বছৰীয়া পৰিষদীয় চৰকাৰৰ শাসনত বিটিআৰ অঞ্চলৰ জনসাধাৰণৰ উন্নয়নৰ বাবে আৱন্টিত কোটি কোটি টকাৰ চৰকাৰী আঁচনি নামত ব্যাপক বিত্তীয় কেলেংকাৰী তথা ধন আত্মসাৎ কৰাৰ এক দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছিল । কিন্তু ইয়াৰ মাজতে মঙলবাৰে কোকৰাঝাৰ আৰক্ষীয়ে বিটিআৰ সচিবালয়ৰ পৰা বহুকেইগৰাকী ঠিকাদাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ফাইল জব্দ কৰে ৷ লগে লগে বিটিআৰৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে প্ৰতিষ্ঠিত ৰাজনীতিবিদ, ঠিকাদাৰ আৰু বিটিআৰ সচিবালয়ৰ আমোলা, বিষযা সকলৰ মাজত এক হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয় ৷
![বিটিআৰ সচিবালয়ৰ পৰা বহু ঠিকাদাৰৰ ফাইল জব্দ কৰে আৰক্ষীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10843748_871_10843748_1614695616419.png)
আনহাতে আৰক্ষীয়ে বিত্তীয় কেলেংকাৰীৰ অভিযোগত জব্দ কৰা ফাইল সমূহ হাগ্ৰামাৰ ঘনিষ্ঠ কেইবাগৰাকীও ঠিকাদাৰৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায় উন্নয়ন বিভাগত অবৈধ তথা নীতি বহিৰ্ভূতভাবে কামৰ আৱন্টন আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত দীৰ্ঘ সময়ধৰি বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ তাৰ মাজতে যোৱা ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে কোকৰাঝাৰ সদৰ থানাত ইউপিপিএলৰ এগৰাকী শীৰ্ষ নেতাই এক এজাহাৰ দাখিল কৰে ৷
উক্ত এজাহাৰ অনুসৰি কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত এটা গোচৰো পঞ্জীয়ন কৰা হয় ৷ উক্ত গোচৰৰ ওপৰত ভিত্তি কৰিয়ে কোকৰাঝাৰ আৰক্ষীয়ে বিটিআৰ সচিবালয়ৰ পৰা উক্ত ফাইলসমূহ জব্দ কৰি কোকৰাঝাৰ সদৰ থানালৈ লৈ যায় । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে ২০১৫ চনৰ পৰা চীট ফাণ্ডত উক্ত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল ৷ ইফালে বিষয়টো সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে যদিও তদন্তৰ খাতিৰত একো কোৱাৰ পৰা বিৰত থাকে ৷ বহুতে আশা কৰিছে যে যদিহে তদন্ত সঠিক পথত গতি কৰে তেনেহ'লে কেইবাগৰাকীও ঠিকাদাৰ, ৰাজনীতিবিদ আৰু আমোলা বিষয়া আৰক্ষীৰ জালত পৰিব ।
লগতে পঢ়ক:অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে !