ETV Bharat / state

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ সানচুমা খুংগুৰ বিছমুথিয়াৰী

author img

By

Published : Nov 7, 2020, 9:05 PM IST

UPPL ৰ নেতা প্ৰমোদ বড়ো দালাল ৷ দালাল ৰূপী লোকক নেতা বনাই চৰকাৰে বিটিচিক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন সাংসদ সানচুমা খুংগুৰ বিছমুথিয়াৰীয়ে ।

ex_mp_ sansuma Khungur bismuthiari_Reaction At  press meet in kokrajhar
মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ সানচুমা খুংগুৰ বিছমুথিয়াৰী

কোকৰাঝাৰ,7 নৱেম্বৰঃ শুকুৰবাৰে ওদালগুৰি জিলাত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰদান কৰা কেতবোৰ মন্তব্যৰ বিৰুদ্ধে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সানচুমা খুংগুৰ বিছমুথিয়াৰীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে তীব্ৰ গৰিহণা দিয়ে ৷

শনিবাৰে, প্ৰাক্তন সাংসদ সানচুমা খুংগুৰ বিছমুথিয়াৰীয়ে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত প্ৰাক্তন সাংসদ বিছমুথিয়াৰীয়ে শুক্ৰবাৰে ওদালগুৰি জিলাৰ মাজবাট আৰু কলাইগাঁৱত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ তেওঁৰ এই মন্তব্য বিটিচিবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে অতি ভয়ানক বুলি অভিহিত কৰিলে ৷

প্ৰাক্তন সাংসদiৰাকীয়ে লগতে কলে, বিজেপি আৰু ইউপিপিএল দলে যদি বিটিচি পৰিষদীয় চৰকাৰ গঠন কৰে, তেন্তে বিটিচিত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মন্তব্যৰে বিটিচি অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে ৷ তাৰোপৰি সাম্প্ৰদায়িক দলৰ লগত পৰিষদীয় চৰকাৰ গঠনৰ সপোন দেখা ইউপিপিএল দলকো প্ৰত্যাখ্যান কৰিব লাগে বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷

সংবাদমেলত বিছমুথিয়াৰীয়ে লগতে কয় যে, যি সকল বড়ো তথা খিলঞ্জীয়া জাতি, জনগোষ্ঠীৰ লোকে প্ৰলোভনৰ চাকনৈয়াত পৰি বিজেপি দলত যোগদান কৰিছে সেই সকল লোকে অতিশীঘ্ৰে বিজেপি দল ত্যাগ কৰা উচিত ৷ বিশেষকৈ ইউবিপিঅ'ৰ বড়ো নেতা সকলে বিজেপি দল ত্যাগ কৰিব লাগে বুলিও আহ্বান জনাইছে বিছমুথিয়াৰীয়ে ৷

আনহাতে মন্ত্ৰী হিমন্তই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত বড়ো আৰু অন্যান্য খিলঞ্জীয়া জাতি, জনগোষ্ঠীৰ ৰাইজে মন্ত্ৰীগৰাকীক প্ৰত্যাখ্যান কৰি যিকোনো উপায়েৰে আগন্তুক বিধানসভা নিৰ্বাচনত পৰাজিত কৰিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে, বিজেপি আৰু ইউপিপিএল দলে বিটিচিত মিলিজুলি পৰিষদীয় চৰকাৰ গঠন কৰাৰ সপোন দেখা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ আশা আকাংক্ষা ধুলিসাৎ হোৱাৰ লগতে সকলো সপোন,সপোন হৈয়েই ৰব বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক-আমগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.