ETV Bharat / state

সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

author img

By

Published : Jan 6, 2021, 9:21 PM IST

Updated : Jan 7, 2021, 8:19 AM IST

পুত্ৰৰ সন্ধানত সহায় কৰা সংবাদ মাধ্যম, আৰক্ষী প্ৰশাসন তথা শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন বিশ্বজিৎ দৈমাৰীৰ ৷ সুস্থ শৰীৰে পুত্ৰক পাই আনন্দিত পিতৃ ৷ পুত্ৰৰ সৈতে বৰ্তমানলৈ কোনো ধৰণৰ কথাবাৰ্তা হোৱা নাই পিতৃৰ ৷

ex-mp-biswajit-doimari-reaction-on-missing-son
সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

কোকৰাঝাৰ, ৬ জানুৱাৰী : প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ জ্যেষ্ঠ পুত্ৰ তথা কোকৰাঝাৰ ৰিয়েলিটি পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আমিত ৰাজ দৈমাৰীৰ সন্ধানহীনতাক লৈ মঙলবাৰৰ পৰা অব্যাহত থকা ব্যাপক উৎকণ্ঠাৰ অৱশেষত অন্ত পৰিল ৷ বুধবাৰে চিৰাং জিলাৰ ছাপাগুৰীৰ পৰা প্ৰাক্তন সাংসদগৰাকীৰ নিখোজ পুত্ৰ অমিত ৰাজ দৈমাৰীক উদ্ধাৰ কৰা হয় ৷ পৰৱৰ্তী সময়ত অমিত ৰাজ দৈমাৰীক কোকৰাঝাৰ চহৰস্থিত বাসভৱনলৈ লৈ অনা হয় ৷

বিশ্বজিৎ দৈমাৰীৰ মন্তব্য

ইপিনে, অমিত ৰাজ দৈমাৰীৰ পিতৃ তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বহু উৎকণ্ঠাৰ মুৰত পুত্ৰক সুস্থ শৰীৰে ঘূৰাই পোৱাত স্বস্তিৰে নিশ্বাস পেলাইছে । পুত্ৰৰ সন্ধান লাভ কৰাত তথা দুৰ্যোগৰ মুহুৰ্তত তেওঁৰ কাষত থিয় দিয়া সংবাদ মাধ্যম আৰু শুভাকাংক্ষীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰাক্তন সাংসদ দৈমাৰীয়ে ।

লগতে পঢ়ক : কোন বন্ধুৰ সৈতে নিশা অতিবাহিত কৰিছিল সাংসদ পুত্ৰই ?

তদুপৰি আৰক্ষী প্ৰশাসনলৈও কৃতজ্ঞতা জ্ঞাপন কৰি এডিজিপি জিপি সিং, বিটিচিৰ আইজিপি অনুৰাগ আগৰৱালা, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে তেওঁলোকৰ খবৰ লবলৈ ঘৰলৈ অহাত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে । হয়তো পঢ়াশুনাৰ মানসিক চাপৰ বাবে সম্ভৱত স্কুলৰ পৰা পলায়ন কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

আনহাতে, প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ বিদ্যালয়ৰ পৰা নিখোজ হোৱা ঘটনাকলৈ অসম আৰক্ষীৰ এডিজিপি জি পি সিঙে বুুধবাৰে কোকৰাঝাৰস্থিত দৈমাৰীৰ বাসগৃহত উপস্থিত হৈ অমিত ৰাজ দৈমাৰীৰ উদ্ধাৰ হোৱাৰ খা-খবৰ লয় ৷

উল্লেখ্য যে, মঙলবাৰে অমিত ৰাজ দৈমাৰীয়ে তেওঁ পঢ়ি থকা কোকৰাঝাৰ ৰিয়েলিটি পাব্লিক স্কুলৰ দেৱাল বগাই পলায়ন কৰিছিল আৰু তাৰ পিচতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল বড়োভূমিত ।

লগতে পঢ়ক : শীৰ্ষ অৰ্থনীতিবিদৰ সৈতে শুকুৰবাৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

Last Updated : Jan 7, 2021, 8:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.