কোকৰাঝাৰ, 3 ফেব্ৰুৱাৰীঃ কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টীৰ সাংস্কৃতিকক অনুষ্ঠান "আইদেউৰ বুলনি" নামৰ লোকসংগীত প্ৰতিযোগিতাৰ সফল সামৰণি ৷ বিজেপিৰ অসম প্ৰদেশ সমিতিৰ মহিলা মৰ্চাৰ উদ্যোগত দলীয় নেতা-কৰ্মী সকলৰ মাজত সুপ্ত হৈ থকা বিভিন্ন ধৰণৰ প্ৰতিভা বিকাশ কৰাৰ লক্ষ্যৰে বছৰজোৰা নানা বৰণীয়া সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ সেইমৰ্মে দেওবাৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াস্থিত শিৱ মন্দিৰ প্ৰাংগনত "আইদেউৰ বুলনি" শীৰ্ষক লোক সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ৷
লোকসংগীত প্ৰতিযোগিতাৰ অংশ হিচাপে কোকৰাঝাৰ পূৱ-বিধান সভা সমষ্টিৰ চাৰিটা মণ্ডল ক্ৰমে কোকৰাঝাৰ, দেৱৰগাঁও, বনৰগাঁও আৰু ছালাকাটি মণ্ডল মহিলা মৰ্চাৰ কৰ্মকৰ্তা সকলৰ মাজত বড়ো আৰু গোৱালপৰীয়া লোকসংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে বিজেপি নেতা ৰাজকুমাৰ ব্ৰহ্মৰ সঞ্চালনাত আয়োজিত উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক মহিলা সকলে অংশগ্ৰহণ কৰে আৰু বিজয়ী সকলক প্ৰমাণ পত্ৰৰ লগতে বঁটা প্ৰদান কৰে বিজেপিৰ জেষ্ঠ নেতা ক্ৰমে ৰতিনাথ সিনহা, সন্তোষ তৰফদাৰ আদিয়ে ৷
আৰু পঢ়কঃগোৱালপাৰাত খহনীয়া প্ৰতিৰোধৰ চেষ্টাৰে পাৰকুপাইন আঁচনি !