ETV Bharat / state

উল্টাপানীৰ বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণ দুৰ্ষ্কৃতিকাৰীৰ - encroachers attacked Ultapani forest office

বিটিচি শাসন ব্যৱস্থা ৰাজ্যপালৰ হাতলৈ যোৱাৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে বিটিএডিৰ বিভিন্ন অঞ্চলবোৰত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে ৷ তেনে সময়তে কোকৰাঝাৰত বন ধ্বংসকাৰীৰ দ্বাৰা বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ সংঘটিত হৈছে ৷

kokrajhar-forest-encrochers-attack
উল্টাপানীৰ বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণ দুৰ্ষ্কৃতিকাৰীৰ
author img

By

Published : Aug 18, 2020, 12:42 PM IST

কোকৰাঝাৰ, 18 আগষ্ট : বিটিচিৰ শাসন ব্যৱস্থা ৰাজ্যপালৰ হাতলৈ যোৱাৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে বিটিএডিৰ বিভিন্ন অঞ্চলবোৰত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে ৷ তেনে সময়তে কোকৰাঝাৰত বন ধ্বংসকাৰীৰ দ্বাৰা বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ সংঘটিত হৈছে ৷ বিটিচিত ৰাজ্যপাল শাসন চলি থকা অৱস্থাতে চোৰাং কাঠ সৰবৰাহকাৰী আৰু বন ধ্বংসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিণতিতে দুৰ্ষ্কৃতিকাৰীয়ে উল্টাপানীৰ বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণ চলায় বুলি সন্দেহ কৰা হৈছে । মুলত দুগৰাকী অবৈধ কাঠ সৰবৰাহকাৰীক বনবিভাগে আটক কৰাৰ পিছতে সোমবাৰে দুৰ্ষ্কৃতিকাৰীৰ দলে ভাৰত ভূটান সীমান্তত থকা উল্টাপানীৰ বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ চলাই কাৰ্যালয়ৰ দুৱাৰ-খিৰিকী, গাড়ী আদি ভাঙি চুৰমাৰ কৰে ৷

উল্টাপানীৰ বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণ দুৰ্ষ্কৃতিকাৰীৰ

বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, সোমবাৰে নিশা কাঠফলা মেচিনৰ সতে দুজন অবৈধ কাঠ সৰবৰাহকাৰীক আটক কৰা হৈছিল যদিও আজি পুৱা গাঁওবুঢ়াৰ সতে হোৱা আলোচনামৰ্মে অবৈধ কাঠ সৰবৰাহকাৰী দুজনক এৰি দিয়া হয় । কিন্তু এৰি দিয়াৰ তিনিঘণ্টামান পিছতে ২ নং উল্টাপানীৰ পৰা প্ৰায় ৬০/৭০ জনীয়া এটা দলে বনবিভাগৰ কাৰ্যালয়ত আক্ৰমন চলায় আৰু ৰেঞ্জাৰৰ বলেৰো বাহন , কাৰ্যালয়ৰ কেবাখনো গাড়ী , মটৰচাইকেল ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে কাৰ্যালয়ৰ ভিতৰত থকা সকলো বস্তুৱেই ধ্বংস কৰে । আক্ৰমণকাৰীসকলে বনবিভাগৰ লোকসকলকো মাৰিবলৈ খেদি যায় যদিও পিছপিনেৰে পলায়ণ কৰি নিজৰ জীৱন বচাবলৈ সক্ষম হয় বনকৰ্মী কেইজনে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে ছজন লোকক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ইপিনে সোমবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে কোকৰাঝাৰ জিলাৰ ঝাৰবাৰী আৰু কচুগাঁৱৰ নবীন নগৰত উপস্থিত হৈ বৃক্ষৰোপণ কৰে ৷ লগতে বনধ্বংসৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালে অহা ৩১ আগষ্টৰ ভিতৰতে ৪০ লাখ গছপুলি ৰোপণ কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক :এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.