কোকৰাঝাৰ, 1 নৱেম্বৰঃ কোকৰাঝাৰত আৰক্ষীৰ সৈতে ভয়ংকৰ সংঘৰ্ষত লিপ্ত সন্দেহজনক বিদ্ৰোহীৰ দল ৷ বৃহস্পতিবাৰে নিশাৰ ভাগত জিলাখনৰ গোসাঁইগাঁও চৰাইবিল এলেকাত সংঘটিত হয় এই সংঘৰ্ষ ৷ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত থিতাতে নিহত হয় দুজনকৈ সন্দেহজনক সশস্ত্ৰ বিদ্ৰোহী ৷
লগতে পঢ়কঃ অসম অলিম্পিক সন্থাৰ সম্পাদক পদত নিৰ্বাচিত অৰুণজ্যোতি মৰাণ
জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰকাশ কৰিছে এই তথ্য ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে এক নিৰ্দিষ্ট অঞ্চলত বিদ্ৰোহীৰ গতি বিধিৰ তথ্য লাভ কৰে ৷ আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিচতেই চৰাইবিলত এম্বুশ পাতি বিদ্ৰোহীলৈ অপেক্ষা কৰে ৷ অসম আৰক্ষীৰ এটা কামাণ্ডো বাহিনীয়ে এই অভিযানৰ নেতৃত্ব দিয়াৰ সময়তে দুখনকৈ বাইকত অহা বিদ্ৰোহীক প্ৰত্যক্ষ কৰে ৷ বিদ্ৰোহীকেইগৰাকীক প্ৰথমে আৰক্ষীয়ে ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ আৰম্ভ কৰে বিদ্ৰোহী কেইজনে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিচালনা কৰে ৷ আৰক্ষীৰ গুলিত ঘটনাস্থলীতে এগৰাকী সশস্ত্ৰ বিদ্ৰোহী নিহত হোৱাৰ লগতে আন এগৰাকী গুৰুতৰভাৱে আহত হয় ৷ আহত বিদ্ৰোহীজনক স্থানীয় চিকিৎসালয়লৈ নিয়াৰ পিচতে চিকিৎসকে মৃত ঘোষণা কৰে ৷
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা একে-৪৭ ৰাইফল উদ্ধাৰ কৰে ৷ আনহাতে বিদ্ৰোহীৰ দলটোত থকা বাকীকেইজন সদস্যই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় ৷ নিহত বিদ্ৰোহী কেইগৰাকীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই বুলি জনাইছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷