ETV Bharat / state

সদৌ বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বৈঠক সম্পন্ন - ইউপিপিএল

সদৌ অসম বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহানন্দ মজুমদাৰে দলৰ নীতি-নিয়মক আওকাণ কৰি একক ভাৱে সংগঠনৰ কাম কাজ চলাই নিয়াত বুধবাৰে কেন্দ্ৰীয় সমিতিয়ে মহানন্দ মজুমদাৰক বহিস্কাৰ কৰি তেখেতৰ স্থানত ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ৰতন কুমাৰ শেনক নিযুক্তি দিয়ে ৷ উক্ত সভাত পৰিষদৰ সাধাৰণ সম্পাদক অজয় ভূষন সৰকাৰৰ সভাপতিত্বত সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে সংগঠন বিৰোধী কাৰ্যত লিপ্ত পৰিষদৰ সভাপতি মহানন্দ মজুমদাৰক বহিস্কাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ উপৰিও আগন্তক বিটিএডিৰ নিৰ্বাচনত হিন্দু বাঙালীৰ স্বাৰ্থত ভূমিকা কি হ'ব সেই বিষয়ক লৈ আজিৰ বৈঠকত কেন্দ্ৰীয় সমিতিয়ে বিটিএডি ক্ষেত্ৰীয় বাঙালী যুৱ ছাত্ৰ পৰিষদক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে ৷

Emargancy Meeting orgainze All Bangali Yubo Parishad in Kokrajhar
সদৌ বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বৈঠক সম্পন্ন
author img

By

Published : Jul 15, 2020, 8:01 PM IST

কোকৰাঝাৰ, 16 জুলাই : সদৌ অসম বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহানন্দ মজুমদাৰে দলৰ নীতি-নিয়মক আওকাণ কৰি একক ভাবে সংগঠনৰ কাম কাজ চলাই নিয়াত বুধবাৰে কেন্দ্ৰীয় সমিতিয়ে মহানন্দ মজুমদাৰক বহিস্কাৰ কৰি তেখেতৰ স্থানত ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ৰতন কুমাৰ শেনক নিযুক্তি দিয়ে ৷

সদৌ বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বৈঠক সম্পন্ন

বুধবাৰে কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ 'ফুড প্লাজমা' নামৰ ৰেষ্টুৰেন্টত সদৌ অসম বাঙালী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক জৰুৰী সভা এখন সম্পন্ন হয় ৷ উক্ত সভাত পৰিষদৰ সাধাৰন সম্পাদক অজয় ভূষণ সৰকাৰৰ সভাপতিত্বত সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে সংগঠন বিৰোধী কাৰ্যত লিপ্ত পৰিষদৰ সভাপতি মহানন্দ মজুমদাৰক বহিস্কাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ উপৰিও আগন্তক বিটিএডিৰ নিৰ্বাচনত হিন্দু বাঙালীৰ স্বাৰ্থত ভূমিকা কি হ'ব সেই বিষয়ক লৈ আজিৰ বৈঠকত কেন্দ্ৰীয় সমিতিয়ে বিটিএডি ক্ষেত্ৰীয় বাঙালী যুৱ ছাত্ৰ পৰিষদক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে ৷

লগতে, এই বৈঠকত ৰাজ্যিক গোটৰ সহকাৰী সাধাৰন সম্পাদক জিত পালক সংগঠনৰ কাম কাজত কোনো ধৰণৰ হস্তক্ষেপ কৰিৱ নোৱাৰিব বুলি আন এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ উক্ত বৈঠকতে পৰিষদৰ লগতে দেশত ক'ভিড-19 ৰ সংক্ৰমণৰ আতংকৰ পৰা দৰিদ্ৰ লোকক সজাগ আৰু সচেতন কৰিবলৈ বিটিএডিৰ চাৰিখন জিলাত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি এক সজাগতা অভিযান কাৰ্যসূচী ল'বলৈ সংশ্লিষ্ট জিলা সমিতিবোৰক আহ্বান জনাই ৷

আনপিনে, আজিৰ সভাত বিটিএডি ক্ষেত্ৰীয় বাঙালী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাজীৱ সৰকাৰে বিটিএডিত হিন্দু বাঙালীৰ সুৰক্ষাৰ স্বাৰ্থত চাৰি জিলাকলৈ আলোচনাত বহি আগন্তক বিটিচিৰ নিৰ্বাচনত ইউপিপিএল,বিপিএফ আৰু বিজেপি দলক সমৰ্থন কৰা নকৰালৈ সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কাজিৰঙাৰ পৰা ওলাই অহা ঢেকিয়াপতীয়া বাঘ ট্ৰেংকুলাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.