ETV Bharat / state

আন্তঃৰাজ্যিক সীমা বিবাদ: আশা-প্ৰত্যাশাৰ মাজত ঘটনাবহুল এটা বছৰ - BORDER DISPUTE

চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিগত এটা বছৰে কি কৰিলে অসম চৰকাৰে ?

Border Dispute
আন্তঃৰাজ্যিক সীমা বিবাদ: আশা আৰু প্ৰত্যাশাৰ মাজত ঘটনাবহুল এটা বছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 12:10 PM IST

গুৱাহাটী : আন্তঃৰাজ্যিক সীমা বিবাদ অসমৰ এটা দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা । সীমা নিৰ্ধাৰণ নোহোৱাৰ বাবে চুবুৰীয়া ৫ খনকৈ ৰাজ্যই হাজাৰ হাজাৰ হেক্টৰ ভূমি বেদখল কৰি কার্যতঃ সংকুচিত কৰিছে অসমৰ ভূখণ্ড । অকল সেয়াই নহয়, সীমান্তৱর্তী অঞ্চলসমূহত বসবাস কৰা অসমীয়া গঞা জনসাধাৰণৰ ওপৰত বেদখলকাৰী দুষ্কৃতিকাৰীয়ে সময়ে সময়ে নানান ধৰণৰ অত্যাচাৰ, উৎপীড়ন চলোৱাৰ সমান্তৰালভাৱে হাতত উদ্যত মাৰণাস্ত্র লৈ ধন দাবীকে ধৰি বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি আহিছে । সীমা বিবাদৰ এই জটিল আৰু দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্রত শাসনভাৰ লোৱাৰ পাছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে ।

ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শাসনভাৰ লোৱাৰ পাছৰে পৰা বিগত বৰ্ষসমূহত চুবুৰীয়া ৰাজ্যকেইখনৰে থকা সীমা বিবাদ দূৰ কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে । এইক্ষেত্রত কেইবাখনো চুক্তিও স্বাক্ষৰিত হৈছে । কিন্তু বাস্তৱ ক্ষেত্রত ইয়াৰ প্ৰতিফলন ঘটা নাই । সীমান্তৰ বিবাদৰ পৰা মুক্ত হোৱা নাই তাত বসবাস কৰা লোকসকল । চলিত এই বৰ্ষটোও আন্তঃৰাজ্যিক সীমা সমস্যাটো যথেষ্ট চৰ্চাত আছিল ।

Border Dispute
আন্তঃৰাজ্যিক সীমা বিবাদ (ETV Bharat Assam)

ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্র কেইটামান দিন বাকী । বিদায়ী ২০২৪ বৰ্ষটোত আন্তঃৰাজ্যিক সীমা বিবাদ মীমাংসাৰ ক্ষেত্রত অসম চৰকাৰে পূৰ্বৰে পৰা চলাই অহা প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ বিপৰীতে বহুকেইটা ঘটনাই আন্তঃৰাজ্যিক সীমান্ত উত্তেজিত কৰি ৰাখিছিল । কিন্তু তাৰে মাজতে বিদায়ী বৰ্ষটো আন্তঃৰাজ্যিক সীমা বিবাদৰ প্ৰসংগত আশা আৰু প্ৰত্যাশাৰ বছৰ আছিল বুলি ক'ব পাৰি ।

অসমৰ কিমান মাটি চুবুৰীয়া ৰাজ্যৰ দখলত :

অসম চৰকাৰে বিধানসভাত দিয়া তথ্য অনুসৰি অসমৰ ভূমি বেদখল কৰা চুবুৰীয়া ৰাজ্যকেইখন মূলতঃ হ'ল নাগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম আৰু মেঘালয় । চুবৰীয়া ৰাজ্য কেইখনে অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে । অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগটোৰ মন্ত্রী অতুল বৰাই অসম বিধানসভাৰ শেহতীয়া অধিবেশনত দিয়া এই তথ্য ।

কোন ৰাজ্যই অসমৰ কিমান ভূমি দখল কৰি আছে :

অসম চৰকাৰৰ তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে অসমৰ ১৬,১৪৪.০১১৭ হেক্টৰ ভূমি দখল কৰি আছে । সেইদৰে নাগালেণ্ডে ৫৯,৪৯০.২১ হেক্টৰ, মেঘালয়ে ৩,৪৪১.৮৬০১ হেক্টৰ আৰু মিজোৰামে ৩,৬৭৫.৭৮ হেক্টৰ অসমৰ ভূমি দখল কৰি আছে । এই তথ্য মতে নাগালেণ্ডেই সৰ্বাধিক পৰিমাণে অসমৰ ভূমি বেদখল কৰি আছে ৷ চুবুৰীয়া ৪ ৰাজ্যৰ দ্বাৰা অসমৰ বেদখলকৃত মুঠ ভূমিৰ পৰিমাণ হৈছে ৮২,৭৫১.৮৬১৮ হেক্টৰ ।

অসম-মিজোৰাম সীমা সমস্যাৰ প্ৰসংগত আলোচনা :

বিদায়ী ২০২৪ বৰ্ষটোত অসম আৰু মিজোৰামৰ সীমা বিবাদৰ ক্ষেত্রত দুয়োখন ৰাজ্যৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা হয় । আগষ্ট মাহত দুদিনীয়া কাৰ্যসূচীৰে মিজোৰাম ভ্ৰমণ কৰিছিল মন্ত্রী অতুল বৰাই । মিজোৰামত মন্ত্রী অতুল বৰাই ৰাজ্যখনৰ মুখ্যমন্ত্রী আৰু গৃহমন্ত্রী পৰ্যায়ত দুখনকৈ বৈঠকত মিলিত হৈ সীমা সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হৈছিল । ইয়াৰ পূৰ্বে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়তো আলোচনা হৈছিল । ৯ ফেব্ৰুৱাৰীত গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ আলোচনা হৈছিল ।

মুখ্যমন্ত্রীৰ পৰামৰ্শ অনুসৰি মন্ত্রী অতুল বৰা দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামলৈ গৈছিল । প্ৰথমতে মিজোৰামৰ গৃহমন্ত্রী পৰ্যায়ত আলোচনা হৈছিল । তাৰ পাছত মিজোৰামৰ মুখ্যমন্ত্রীৰ লগত মন্ত্রী অতুল বৰাৰ আলোচনা হৈছিল । মিজোৰাম চৰকাৰে আলোচনাত দীৰ্ঘদিনীয়া সীমা সমস্যাটো সমাধান কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল । ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত গুৱাহাটীত মিজোৰামৰ প্ৰতিনিধিৰে অসম চৰকাৰৰ বৈঠক হোৱাৰ কথা আছে । সেই বৈঠকত সীমা বিবাদ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ'ব । আনহাতে পূৰ্বতে বিভিন্ন পৰ্যায়ত লোৱা সিদ্ধান্তসমূহ বাহাল থাকিব । অসম-মিজোৰাম সীমান্তৰ দৈৰ্ঘ্য হৈছে ১৬৪.৬ কিলোমিটাৰ আৰু ইয়াৰে বেছিভাগ অংশ হাইলাকান্দিত আছে । কৰিমগঞ্জ আৰু কাছাৰতো আছে মিজোৰামৰ সীমা ।

পৰ্যায়ক্ৰমে চলি আছে আলোচনা :

সীমা বিবাদ মীমাংসা কৰাৰ বাবে অসম চৰকাৰে পৰ্যায়ক্ৰমে মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম চৰকাৰৰ লগত আলোচনা কৰি আহিছে । আনহাতে আলোচনা অনুসৰি পৰ্যায়ক্ৰমে পদক্ষেপ লোৱা হৈছে । ইতিমধ্যে মেঘালয় আৰু অৰুণাচল চৰকাৰৰ সৈতে অসম চৰকাৰৰ চুক্তিও হৈছে আৰু ক্ষেত্রভিত্তিক বিবাদ মীমাংসাৰ বাবে মন্ত্রী পৰ্যায়ত গঠন কৰা আঞ্চলিক কমিটীসমূহে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিছে । সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে চুবুৰীয়া ৰাজ্যৰ বিবদমান সীমান্ত অঞ্চলত ১২ খন আঞ্চলিক সমিতি গঠন কৰি কাম কৰি থকা হৈছে । এই সমিতিসমূহে ৰাজ্য অনুসৰি বিবদমান সীমান্ত অঞ্চলত যৌথ ভ্ৰমণ কৰি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিছে ।

সীমান্তৰ সুৰক্ষাৰ বাবে অসম চৰকাৰৰ পদক্ষেপ :

সীমা বিবাদ মীমাংসাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ পাছতো সীমান্ত অঞ্চলৰ উত্তেজনা তথা সংঘাত শাম কটা নাই । যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সীমান্তবাসীৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । সীমান্তৰ নিৰাপত্তা শক্তিশালী কৰিবলৈ সীমান্তত আৰক্ষী কামাণ্ডো বাহিনী নিয়োগ কৰাৰ লগতে ভালেমান সীমান্ত আৰক্ষী পহৰা শিবিৰ স্থাপন কৰিছে অসম চৰকাৰে । ইয়াৰ ভিতৰত অসম-অৰুণাচল সীমান্তত লখিমপুৰৰ দুলুং বনাঞ্চলত ৩৮ গৰাকী কামাণ্ডো নিয়োজিত আছে আৰু নতুনকৈ শিবিৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে মিজোৰামৰ সীমাত থকা কাছাৰ জিলাত ৮ টাকৈ সীমান্ত পহৰা চকী, মেঘালয়ক স্পৰ্শ কৰি থকা পশ্চিম কাৰ্বি আংলঙৰ সীমান্তত ৬ টাকৈ সীমান্ত পহৰা চকী আৰু নতুনকৈ ৩ টা সীমান্ত পহৰা চকীৰ ব্যৱস্থা অসম চৰকাৰে কৰিছে । বৰাক উপত্যকাৰ কৰিমগঞ্জৰ মিজোৰাম সীমান্তত অস্থায়ীভাৱে ২ টা কেম্প স্থাপন কৰিছে অসম চৰকাৰে । উজনি অসমৰ শিৱসাগৰ জিলাত নাগালেণ্ড সীমান্তত ৭ টাকৈ সীমান্ত পহৰা চকী আৰু কামাণ্ডো বাহিনী নিয়োজিত কৰা হৈছে । হাইলাকান্দিৰ মিজোৰাম সীমান্ততো ৪ টাকৈ অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰা হৈছে আৰু এটা স্থায়ী কামাণ্ডো বেটেলিয়ন কেম্প স্থাপন কৰা হৈছে । পাহাৰীয়া জিলা ডিমা-হাছাওৰ নাগালেণ্ড সীমান্তত ৪ টাকৈ নতুন সীমান্ত পহৰা চকী স্থাপন কৰা হৈছে ।

অসম-অৰুণাচলৰ সীমা বিবাদ মীমাংসাৰ পদক্ষেপ :

অৰুণাচল প্ৰদেশে নিজৰ বুলি দাবী কৰা অসমৰ ১২৩ খন গাঁও সন্দৰ্ভত ইতিমধ্যে দুয়োখন ৰাজ্যৰ মাজত বুজাবুজিৰ এখন চুক্তি স্বাক্ষৰিত হৈছে । ফলত অসম-অৰুণাচলৰ ৭১ খন গাঁৱৰ বিবাদ নিষ্পত্তি হৈছে । বিবাদ নিষ্পত্তি হোৱা গাঁওসমূহৰ সীমা নিৰ্ধাৰণৰ কাম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা চলি থকাৰ লগতে বাকী ৫২ খন গাঁৱৰ বাবে আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে ।

জটিলতাত অৰুণাচলৰে সীমা বিবাদ :

অৰুণাচল প্ৰদেশৰে থকা অসমৰ সীমা সমস্যা দূৰ কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও স্থায়ী সমাধানসূত্র এতিয়াও ওলোৱা নাই । যথেষ্ট জটিলতাৰ মাজত আছে দুয়োখন ৰাজ্যৰ সীমা বিবাদ । অৰুণাচলৰ লগত অসমৰ ৮ খন জিলাৰে সীমা বিবাদ আছে যদিও অকল এখন জিলাতে বিবদমান অঞ্চলৰ জটিলতা অধিক বৃদ্ধি হৈছে । এনে ক্ষেত্ৰত আন ৭ খন জিলাত সমস্যাটোৰ জটিলতা কিমান দূৰ বৃদ্ধি হ'ব সেয়া অদ্যাপি ক'ব পৰা অৱস্থাত নাই । বিদায়ী বৰ্ষটোত ভাৰতৰ জৰীপ সংস্থাই অকল শোণিতপুৰ জিলাৰ লগত থকা অৰুণাচলৰ বিবদমান অঞ্চল তথা গাঁওবোৰৰ নমুনা জৰীপ সম্পূৰ্ণ কৰে । কিন্তু এই নমুনা জৰীপতে বিভাগে ৫২ খন গাঁৱক এৰি কাম কৰিবলগীয়া হয় ।

অসম-অৰুণাচল আন্তঃৰাজ্যিক সীমান্তৰ দৈৰ্ঘ্য হ'ল ৮০৪.১০ কিলোমিটাৰ । অসমৰ ৮ খন জিলা ক্ৰমে ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউৰ লগত অৰুণাচলৰ সীমা সংলগ্ন হৈ আছে । ভাৰতৰ জৰীপ সংস্থাই নমুনা হিচাপে প্রথমে শোণিতপুৰৰ সমস্যাটো গ্ৰহণ কৰি ৰাজ্য দুখনৰ আন্তঃৰাজ্যিক সীমা অংকনৰ চেষ্টা চলায় ।

এই আন্তঃৰাজ্যিক সীমান্তত থকা বিবদমান মুঠ গাঁৱৰ সংখ্যা হ'ল ১২৩ খন । নমুনা হিচাপে ইয়াৰে ৭১ খনৰ কামহে সংস্থাটোৱে কৰিবলৈ সক্ষম হয় । ৫২ খন গাঁৱত হাত দিবই নোৱাৰিলে । এই জটিলতাৰ বাবেই অসম চৰকাৰেও ৭১ খন গাঁৱকলৈহে বুজাবুজিৰ চুক্তি কৰিবলৈ বাধ্য হয় । অৰুণাচলৰ লগত অসমৰ সীমা সমস্যাটো যথেষ্ট জটিল হৈ আছে । সঘনে ৰাজ্যখনৰ বেদখলক লৈ নানান অভিযোগ উত্থাপন হৈ আহিছে । আনকি বহু স্থানত অসমৰ নাগৰিকৰ লগত অৰুণাচলীৰ মুকলি সংঘাতৰ ঘটনাও সংঘটিত হৈছে ।

উল্লেখ্য যে মেঘালয় আৰু মিজোৰামৰ দৰে অৰুণাচলৰ ক্ষেত্ৰতো দুয়োখন ৰাজ্যৰ চৰকাৰে একোজনকৈ মন্ত্ৰীৰ নেতৃত্বত কেইবাখনো উপ-সমিতি গঠন কৰিছে । ইয়াৰ পাছত বিগত বৰ্ষৰ ২০ এপ্ৰিলত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ উপস্থিতিত বুজাবুজিৰে সীমা সমস্যা সমাধানত উদ্যোগ ল'বলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল । লক্ষণীয় বিষয় যে অৰুণাচলে ভূমি বেদখল কৰা বুলি অসম চৰকাৰে ১৯৮৯ চনতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । তেতিয়াৰে পৰা দুয়োখন ৰাজ্যৰ সীমা সমস্যাটো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । ১৯৭২ চনত অৰুণাচল প্ৰদেশ কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পিছত আৰম্ভ হৈছিল দুয়োখন ৰাজ্যৰ সীমা বিবাদ ।

চুক্তিৰ পাছতো হোৱা নাই সমস্যাৰ সমাধান :

অসম আৰু অৰুণাচল চৰকাৰৰ মাজত চুক্তি হোৱাৰ পিছত ৭১ খন গাঁৱৰ বিবাদ মীমাংসা হোৱা বুলি কোৱা হৈছে । কিন্তু বাস্তৱত ইয়াৰ কাৰ্যকৰী ৰূপটো এতিয়াও স্পষ্ট হোৱা নাই । উক্ত ৭১ খন গাঁৱৰ ভিতৰত মাথো এখন গাঁওহে অসমে লাভ কৰিছে । অৱশ্যে ১০ খন গাঁও পূৰ্বৰে পৰাই অসমৰ সৈতেই আছিল । ইয়াকে ধৰি অসমে লাভ কৰিলে ১১ খন গাঁও । আনহাতে ৬০ খন গাঁও অৰুণাচল প্ৰদেশে লাভ কৰে । ইফালে বাকী ৰৈ যোৱা ৫২ খন গাঁৱৰ ভিতৰত ৪৯ খন গাঁৱৰ সীমা আঞ্চলিক কমিটীয়ে ৬ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰিব বুলি চুক্তিখনত উল্লেখ কৰা হৈছিল । লক্ষণীয় বিষয় যে দীঘলীয়া আলোচনাৰ মাজেৰে হোৱা উক্ত বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ বহু অঞ্চলৰ ভূমিত অৰুণাচলে চৰকাৰী ভৱন আদি নিৰ্মাণ কৰাৰ বাবে অসমে উক্ত ভূমি অৰুণাচলক এৰি দিছিল ।

ইয়াৰ বিপৰীতে অৰুণাচলে অসমক আন স্থানত মাটি দিয়াৰ কথা আছিল যদিও আজিলৈকে এইক্ষেত্ৰত এটা খোজো আগবঢ়া নাই । সেইদৰে চুক্তি হোৱাৰ পাছতো বহু গাঁৱৰ সীমা সমস্যা এতিয়াও আধৰুৱা হৈয়ে আছে । ইফালে সীমা চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো অৰুণাচলৰ লোকে বিভিন্ন স্থানত অসমৰ ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে । চুক্তি হোৱাৰ পাছত এনেদৰে অৰুণাচলে অসমৰ ভূমি দখল কৰি থকাৰ পাছতো কিন্তু অসম চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই । এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ঢাক-ঢোল বজাই দিল্লীত স্বাক্ষৰিত কৰা সীমা চুক্তিখন বাস্তৱত কেতিয়াকৈ ৰূপায়িত হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । ইফালে আৰম্ভণিতে সীমা বিবাদৰ প্ৰসংগক লৈ অসম চৰকাৰ যিদৰে তৎপৰ হৈ পৰিছিল সেয়া বৰ্তমান কিছু স্থবিৰ হোৱা পৰিলক্ষিত হৈছে ।

বুজাবুজিৰ পাছতো অসম-মেঘালয় সীমান্তত অব্যাহত উত্তেজনা :

অসম-মেঘালয়ৰ সীমান্তৰ ১২ টা বিবদমান এলেকাৰ ৬ টাৰ ইতিমধ্যে কাগজে-পত্রই মীমাংসা হৈছে যদিও সংঘাত-উত্তেজনা শাম কটা নাই । আনহাতে বাকী থকা বিবাদৰ ভিতৰত আঞ্চলিক কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত লাম্পি, বৰদুৱাৰ আৰু দেছ ডুমৰীয়াৰ বিবাদ প্ৰায় নিষ্পত্তি হৈছে । বৰ্তমান সময়ত মেঘালয়ৰে কাৰ্বি আংলং জিলাৰ ব্লক -১, ব্লক-২ আৰু খান্দুলি এলেকাৰ সীমা বিবাদ নিষ্পত্তিৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই তিনিওটা অঞ্চলৰ বিবাদ অত্যন্ত জটিল হোৱাৰ বাবেই সমস্যাৰ সৃষ্টি হৈছে । ইফালে দুয়োখন ৰাজ্যই সীমাক লৈ চুক্তি স্বাক্ষৰ কৰাৰ পাছতো মেঘালয়ৰ লোকে নিষ্পত্তি হোৱা এলেকাত অসমৰ ভূমি দখল কৰাৰ প্ৰয়াস কৰি আহিছে । যাক লৈ সীমন্তত প্ৰায়ে উত্তেজনাৰ সৃষ্টি হৈ আহিছে ।

আনহাতে অসম-মেঘালয়ৰ বাকী থকা বিবদমান এলেকাৰ বাবে অসমত মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰীকাৰ অধ্যক্ষতাত অসম চৰকাৰে তিনিখন কমিটী গঠন কৰি দিছে । সেইদৰে মেঘালয় চৰকাৰেও তিনিখন আঞ্চলিক কমিটী গঠন কৰি দিছে । ইতিমধ্যে দুয়োখন ৰাজ্যৰ কমিটীসমূহে বিবদমান এলেকা পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰিছে । কেইবালানি বৈঠকতো মিলিত হৈছে । তিনিটা বিবদমান এলেকাৰ ক্ষেত্রত কমিটী কেইখনে ইতিমধ্যে দাখিল কৰিছে প্ৰতিবেদন ।

বিদায়ী বৰ্ষটোত সীমান্ত অঞ্চলৰ সংঘাত আৰু উত্তেজনা :

বিদায়ী বৰ্ষটোত আন্তঃৰাজ্যিক সীমান্তত পূৰ্বৰ দৰেই সংঘটিত হ'ল বহুকেইটা ঘটনা । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যসমূহৰে থকা সীমা বিবাদ মীমাংসাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ সময়তে সীমান্তবাসী বিদায়ী বছৰটোত সাক্ষী হ'ল বহুকেইটা ঘটনাৰ । অসমৰে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদৰ সমস্যা নতুন নহয় যদিও বছৰৰ পাছত বছৰ ধৰি ইয়াৰ কুফল ভোগ কৰি আহিছে অসমৰ সীমান্তবাসীয়ে ।

বিদায়ী বৰ্ষটোৰ আগষ্ট মাহত গোলাঘাটৰ মেৰাপানীস্থিত সৰুপানীৰ পৰা লিফি বস্তিলৈ যোৱাৰ প্ৰৱেশদ্বাৰত পুনৰ নগাই নিৰ্মাণ কৰা আদৰণি তোৰণকলৈ সীমান্তত উত্তেজনাৰ সৃষ্টি হৈছিল । সেইদৰে আগষ্ট মাহতে উৰিয়ামঘাটৰ বি চেক্টৰৰ চেইনপুৰত অসমৰ মাটিত নাগালেণ্ডে পেট্ৰ'ল পাম্প নিৰ্মাণ কৰাকলৈ উত্তেজনাৰ সৃষ্টি হৈছিল । বিবদমান এলেকাৰ নীতি-নিয়ম ভংগ কৰি পেট্ৰ'ল পাম্প নিৰ্মাণ কৰিছিল নাগালেণ্ডে । বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ কৰাৰ পিছতে তৎপৰ হৈছিল ধনশিৰি মহকুমা প্ৰশাসন ।

অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন এতিয়াও অব্যাহত আছে । সীমান্তৰ মানুহৰ দোকানত উদণ্ড নগা যুৱকৰ উদ্ভণ্ডালি নতুন কথা নহয় । আনহাতে আগষ্ট মাহতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠত পুনৰ অসম-মেঘালয় সীমান্তক লৈ বিবাদৰ সৃষ্টি হৈছিল । অসম-মেঘালয় সীমান্তৱৰ্তী বশিষ্ঠৰ বৰপথাৰত এই উত্তেজনাৰ সৃষ্টি হৈছিল । অসমৰ ভূমিত থকা লোকৰ বাসগৃহত প্ৰথমতে খাচী দুৰ্বৃত্তই আক্ৰমণ কৰাৰ উপৰিও ভাঙি পেলাইছিল বৰপথাৰৰ বাসিন্দাৰ দুটাকৈ ঘৰ । আনকি অসমৰ ভূমিত থকা কেইবাটাও বাসগৃহ খালী কৰিবলৈ দাবী-ধমকি দিছিল মেঘালয়ৰ দুৰ্বৃত্তই । যাক লৈ সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ ।

বিদায়ী বৰ্ষটোৰ মাৰ্চ মাহত নগাৰ আগ্ৰাসনকলৈ গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ মেৰাপানীত সৃষ্টি হৈছিল উত্তেজনাৰ । নগা দুৰ্বৃত্তই স্থানীয় লোকৰ ভূমিত উপদ্ৰৱ চলোৱাক লৈ মেৰাপানী সীমান্ত উত্তপ্ত হৈছিল । মেৰাপানী অঞ্চলৰ এক নং ওপৰ তৰাণি গাঁৱত অসমীয়া লোকৰ বাৰীত গছ-বন কাটি তহিলং কৰাৰ অভিযোগ উত্থাপিত হৈছিল নগাৰ বিৰুদ্ধে ।

আনহাতে শেহতীয়াকৈ কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত পুনৰ খাচীলোকে উদ্ভণ্ডালি কৰাৰ লগতে পথ নিৰ্মাণত বাধা দিছিল । অসম চৰকাৰৰ অসম মালাৰ অধীনত হামৰেণৰ পৰা খান্দুলিলৈ পথ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে সীমান্তৰ আম-ইহ অঞ্চললৈ আহি একাংশ খাচীলোকে পথ নিৰ্মাণত বাধা প্ৰদান কৰিছিল । যাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল যদিও পাছত আৰক্ষীৰ লোকে পৰিস্থিতি নিয়ন্ত্রণ কৰে ।

চৰকাৰে অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে চেষ্টা কৰাৰ সময়তে নবেম্বৰ মাহত চৰাইদেউ জিলাত অপহৰণৰ ঘটনা সংঘটিত হয় । নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰে অসমৰ ব্যৱসায়ীক । নামতোলাৰ হাতীলাইনৰ টিলা লাইন পথত সংঘটিত হৈছিল এই ঘটনা । মুছলেক আলী নামৰ লোকজনক নিজ ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়তে নগা অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰিছিল । যাক লৈ অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত উত্তেজনাৰ সৃষ্টি হৈছিল ।

সেইদৰে ফেব্ৰুৱাৰী মাহত বিহালীৰ অসম-অৰুণাচল সীমান্তৰ বিহালী অভয়াৰণ্যখনৰ বিঅ'পি কেম্পলৈ যাতায়ত সুচল কৰাৰ লক্ষ্যৰে পূব শোণিতপুৰ বন সংমণ্ডলৰ বন বিভাগে নিৰ্মাণ কৰা এটা পথক লৈ সৃষ্টি হৈছিল সংঘাত । বিহালী অভয়াৰণ্যখনত পথ নিৰ্মাণ কৰাক লৈ অৰুণাচল প্ৰশাসনৰ একাংশ আৰক্ষী বিষয়া, ৰাজহ বিষয়াই বাধা আৰোপ কৰিছিল । অৰুণাচল প্ৰশাসনৰ বাধাক আওকাণ কৰি বন বিভাগে পথ মেৰামতিৰ কাম অব্যাহত ৰখাত অৰুণাচলৰ একাংশ দল-সংগঠনৰ নেতা-কৰ্মীয়ে পথ মেৰামতিত ব্যৱহৃত দুখনকৈ ট্ৰেক্টৰ দিন দুপৰতে কাঢ়ি লৈ গৈছিল । যাক লৈ সংঘাতপূৰ্ণ পৰিস্থিতি হৈছিল ।

বিদায়ী বৰ্ষটোত চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদ মীমাংসা কৰাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে সীমান্তত বহুকেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল যদিও নতুন বছৰটোত এইক্ষেত্রত আশাৰ বতৰা আহিব বুলি আশাবাদী ৰাজ্যবাসী ।

লগতে পঢ়ক :বিদায় ২০২৪ : এইসকল অসমীয়াক লৈ গৌৰৱান্বিত ৰাজ্যবাসী - YEARENDER 2024

বিদায় ২০২৪: অসমৰ চাহ আৰু গ্ৰাম্য পৰ্যটনৰ নতুন যাত্ৰা - ASSAM TEA TOURISM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.