ETV Bharat / state

কোকৰাঝাৰত মোদীৰ বিৰুদ্ধে মমতাৰ নিৰ্বাচনী ৰণডংকা

দেশৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ বিজেপিক পৰাজিত কৰি ধৰ্মনিৰপেক্ষ দলৰ হাতত শাসন তুলি দিবলৈ ৰাইজক আহ্বান জনায় মমতা বেনাৰ্জীয়ে

কোকৰাঝাৰত মোদীৰ বিৰুদ্ধে মমতাৰ নিৰ্বাচনী ৰণহুংকা
author img

By

Published : Apr 6, 2019, 7:21 PM IST

কোকৰাঝাৰ, ৬ এপ্ৰিলঃ কোকৰাঝাৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীয়ে অসম সীমান্তৱৰ্তী বাৰোভিছাত নিৰ্বাচনী প্ৰচাৰ চলায় শনিবাৰে। দশৰথ তিৰ্কীৰ হৈ প্ৰচাৰ চলায় বেনাৰ্জীয়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুলাধুনা মমতাৰ।

কোকৰাঝাৰত মোদীৰ বিৰুদ্ধে মমতাৰ নিৰ্বাচনী ৰণহুংকা

মমতা বেনাৰ্জীয়ে অসম বংগ সীমান্তৱৰ্তী বাৰোভিছাত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী জনসভাত দেশৰ পৰা বিজেপিক উৎখাত কৰাৰ বাবে ভোটাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে। মোদীয়ে পশ্চিমবংগত ৰাইজৰ মাজত সাম্প্ৰদায়িকতা আৰু বিভাজনৰ বীজ ৰোপণ কৰা বুলি কটাক্ষ নেত্ৰীগৰাকীৰ। সচেতন জনসাধাৰণে বিজেপিৰ চক্ৰান্তত ভোল নাযায় বুলি মমতাই দৃঢ়তাৰে কোৱাৰ লগতে মঞ্চত উঠিয়েই বিজেপি হটাও দেশ বচাও শ্লগানেৰে সভাস্থলী উত্তাল কৰি তোলে । পাঁচ বছৰে মোদী চৰকাৰে দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি, অৰ্থনীতি,শিল্প বাণিজ্য, বৈদেশিক সম্পৰ্ক উন্নয়ন আদি ধ্বংসৰ দিশে গতি কৰিছে বুলিও মন্তব্য কৰে । দেশৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ বিজেপিক পৰাজিত কৰি ধৰ্মনিৰপেক্ষ দলৰ হাতত শাসন তুলি দিবলৈ ৰাইজক আহ্বান জনায় মমতা বেনাৰ্জীয়ে ।

বিজেপি হটাও দেশ বচাওঃমোদীৰ বিৰুদ্ধে মমতাৰ ৰণহুংকাৰঃ

SLUG_A_KOJ_MAMTA RALLY_830_836_KANAK

Anchore- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক্সপেয়াৰী প্ৰধানমন্ত্ৰী তথা এগৰাকী মিছলীয়া আৰু অভিনেতা বুলি উল্লেখ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীয়ে।অসমবংগ সীমান্তৱৰ্তী বাৰোভিছাত আজি তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী জনসভাত মমতা বেনাৰ্জীয়ে দেশৰ পৰা বিজেপিক উৎখাত কৰাৰ বাবে ভোটাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে।হিন্দি বলয়,দাক্ষিনাত্য,উত্তৰপূবত বিজেপিৰ নাও বুৰিব জানি মোদী আৰু শ্বাই পশ্চিমবংগত আহি ৰাইজৰ মাজত সাম্প্ৰদায়িকতা আৰু বিভাজনৰ বীজ ৰোপণ কৰি আছে যদিও পশ্চিম বংগৰ সচেতন জনসাধাৰণ বিজেপিৰ চক্ৰান্তত ভোল নাযায় বুলি মমতাই দৃঢ়তাৰে কয়।অৰ্ধলক্ষাধিক ৰাইজৰ উপস্হিতিত তৃণমূল নেত্ৰী মঞ্চত উঠিয়েই বিজেপি হটাও দেশ বচাও শ্লগানেৰে সভাস্হল উত্তাল কৰি তোলে।যোৱা পাঁচ বছৰে মোদী চৰকাৰ দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি,দেশৰ অৰ্থনীতি,শিল্প বানিজ্য বৈদেশিক সম্পৰ্ক উন্নয়ন আদি ধ্বংসৰ দিশে গতি কৰিছে।সাংবিধানিক সংস্হা সমূহৰ ওপৰত চৰকাৰৰ নিৰ্লজ্জ্ব হস্তক্ষেপ দেশৰ গণতন্ত্ৰৰ বাবে বিপদ মাতি আনিছে।দেশৰ গণতন্ত্ৰক ৰক্ষা কৰিবলৈ বিজেপিক পৰাজিত কৰি ধৰ্মনিৰপেক্ষ দলৰ হাতত শাসন তুলি দিবলৈ ৰাইজক আহ্বান জনায় মমতা বেনাৰ্জীয়ে।উল্লেখ্য যে অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগৰ আলিপুৰদুৱাৰ লোকসভা সমষ্টিৰ তৃণমূল দলৰ মনোনীত প্ৰাৰ্থী দশৰথ তিৰ্কীৰ প্ৰচাৰ সভাত বেনাৰ্জীয়ে বিজেপি দলক তুলাধুনা কৰে/
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.