ETV Bharat / state

হোটেল লিলিৰ পৰা মুক্তি পালেই ৬-৭ গৰাকী নিৰ্বাচিত পাৰিষদে বিপিএফক সংগ দিব : প্ৰবীণ বড়ো

বড়োভূমিত বিজেপি, ইউ পি পি এল আৰু জি এছ পিৰ মিত্ৰজোঁটৰ পাৰিষদসকলে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰাৰ পিছতো শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ আশা এৰি দিয়া নাই বি পি এফে । 'আৱদ্ধ হৈ থকাৰ পৰা মুক্তি পালেই বৰ্তমান হোটেল লিলিত বাহৰ পতা ৬-৭ গৰাকী নিৰ্বাচিত পাৰিষদে বি পি এফ দললৈ সমৰ্থন আগবঢ়াৱ ।' মঙলবাৰে এই মন্তব্য কৰে বি পি এফৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰবীণ বড়োৱে । লগতে এমাহ পিছত হ'লেও পুনৰ বি পি এফে চৰকাৰ গঠন কৰিব বুুুলিও দাবী কৰে সম্পাদকগৰাকীয়ে ৷

author img

By

Published : Dec 16, 2020, 10:13 PM IST

আৱদ্ধতাৰ পৰা মুক্তি পালেই ৬-৭ গৰাকী নিৰ্বাচিত পাৰিষদে বিপিএফক সংগ দিবঃ প্ৰবীণ বড়ো

কোকৰাঝাৰ, ১৬ ডিচেম্বৰ: মঙলবাৰে কোকৰাঝাৰস্থিত আৰনাই ৰেষ্টুৰেণ্টৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি বি পি এফ দলৰ নিৰ্বাচিত প্ৰতিনিধিসকলক দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । ৰেওৰেওৱা নাৰ্জীহাৰীক বাদ দি বিপিএফ দলৰ নিৰ্বাচিত সদস্যসকল উপস্থিত থকা উক্ত সম্বৰ্ধনা সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও অংশ লয় ।

সম্বৰ্ধনা সভাৰ অন্তত বিপিএফ দলৰ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰবীণ বড়োৱে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে, 'হোটেল লিলিত আৱদ্ধ হৈ থকা বিজেপি, ইউ পি পি এল আৰু জি এছ পি দলৰ নিৰ্বাচিত পাৰিষদসকল মুকলি হৈ আহিলেই বি পি এফ দলে চৰকাৰ গঠন কৰিব ।' হোটেল লিলিত আৱদ্ধ হৈ থকা নিৰ্বাচিত সদস্যসকলৰ ভিতৰত ৬-৭ গৰাকী পাৰিষদ বি পি এফ দললৈ আহিব আৰু তেওঁলোকৰ সৈতে যোগাযোগ অব্যাহত আছে বুলি দাবী কৰে প্ৰবীণ বড়োই । লগতে এমাহ পিছত হ'লেও বিপিএফ দলেই পুনৰ পৰিষদ গঠন কৰিব বুলি দাবী কৰে বিপিএফ দলৰ ভাৰপ্ৰাপ্ত সম্পাদকগৰাকীয়ে ।

ইয়াৰ উপৰিও বিজেপি দলৰ অগণতান্ত্ৰিক কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰবীণ বড়োই চৰকাৰ গঠন কৰোতে নূন্যতম নীতি-নিয়মো পালন কৰা নাই বুলি অভিযোগ উত্থাপন কৰে । আনহাতে, ৰেওৰেওৱা নাৰ্জীহাৰীৰ পদত্যাগৰ বিষয়টো তেওঁৰ ব্যাক্তিগত সিদ্ধান্ত বুলি সদৰি কৰি দলে এই মূহুৰ্তলৈকে ৰেওৰেওৱা নাৰ্জীহাৰীৰ পদত্যাগ পত্ৰ লাভ কৰা নাই বুলি জনায় ।

উল্লেখ্য যে, বিজেপি , ইউ পি পি এল আৰু জি এছ পিৰ পাৰিষদে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰি চৰকাৰ গঠন কৰিলে যদিও এতিয়াও আশা এৰি দিয়া নাই বি পি এফ দলে । পুনৰ চৰকাৰ গঠন কৰাৰ আশাত থাকোতেই যমদুৱাৰ সমষ্টিৰ পৰা বিপিএফ দলৰ নিৰ্বাচিত প্ৰাৰ্থী ৰেওৰেওৱা নাৰ্জীহাৰীয়ে বি পি এফ দলৰ পৰা পদত্যাগ কৰিলে । এনে এক পৰিস্থিতিৰ মাজতো কিন্তু বিপিএফ দলে চৰকাৰ গঠন কৰাৰ আশা এৰা নাই বৰঞ্চ হোটেল লিলিত আৱদ্ধ হৈ থকা নিৰ্বাচিত প্ৰতিনিধিসকল মুকলি হ’লেই বি পি এফ দলে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে ।

লগতে পঢ়ক:ধুবুৰীত অবৈধ ধানৰ বীজ-সাৰৰ ৰমৰমীয়া বেহা : আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.