ETV Bharat / state

Durand Cup 2023: কোকৰাঝাৰত ডুৰাণ্ড কাপ খেলৰ ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শন

author img

By

Published : Jul 22, 2023, 9:27 PM IST

মাজত মাত্ৰ আৰু কেইটামান দিন ৷ ৫ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবলৰ লীগ মেচ ৷ শনিবাৰে কোকৰাঝাৰত ডুৰাণ্ড কাপ খেলৰ তিনিটা ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শন ৷

Durand Cup 2023
শনিবাৰে কোকৰাঝাৰত ডুৰাণ্ড কাপ খেলৰ ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শন

কোকৰাঝাৰ, ২১ জুলাই: মাজত মাত্ৰ আৰু কেইটামান দিন ৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবলৰ লীগ মেচসমূহ । কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে বিটিআৰ চৰকাৰৰ সহযোগত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আগন্তুক ৫ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ লীগ মেচসমূহ । এই উপলক্ষে শনিবাৰে কোকৰাঝাৰত ১৩২ সংখ্যক ডুৰাণ্ড কাপ খেলৰ তিনিটা ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শন কৰা হয় ।

কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শনৰ আদৰণি অনুষ্ঠানত ভাৰতীয় ফুটবল সন্থাৰ সভাপতি কল্যাণ চুবে, মন্ত্ৰী নন্দিতা গাৰ্লোচা, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , বিটিচি প্ৰধান প্ৰমোদ বড়ো , সেনাবাহিনীৰ কেবাজনো শীৰ্ষ বিষয়া আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । অহা ৫ আগষ্টত কোকৰাঝাৰ ছাই ষ্টেডিয়ামত প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু উক্ত খেলত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনাপ্ৰধান মনোজ পাণ্ডে ।

উল্লেখ্য যে, কোকৰাঝাৰত সৰ্বমুঠ ৯ খন খেল অনুষ্ঠিত হ'ব আৰু কোৱাৰ্টাৰ ফাইনেলৰ খেলখন ২৪ আগষ্টত অনুষ্ঠিত হ'ব । শতবৰ্ষ গৰকা ডুৰাণ্ড কাপৰ ফুটবল খেলক লৈ কোকৰাঝাৰৱাসীৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ ইপিনে আজি বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শন অনুষ্ঠানৰ পিচত ভাৰতীয় ফুটবল সন্থাৰ সভাপতি কল্যাণ চুবেই ফুটবলৰ যোগেদিয়েই জীৱন আৰু জীৱিকা গঢ়ি তুলিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

আনহাতে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিটিআৰৱাসীৰ বাবে ই এক স্মৰণীয় মুহূৰ্ত বুলি মন্তব্য কৰে ৷ এইবাৰ ডুৰাণ্ড কাপৰ লীগ পৰ্যায়ত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহ হ'ল বড়োলেণ্ড এফচি, উড়িশা এফচি , দিল্লী এফচি, ডাউনটাউন হিৰোচ এফচি, ৰাজস্থান ইউনাইটেড এফচি, ইণ্ডিয়ান আৰ্মী এফচি, ত্ৰিভূৱন আৰ্মী এফচি , ছিলং লাজং এফচি আদি ।

লগতে পঢ়ক:ABSU slams arup kumar dey : বিজেপিৰ অৰূপ কুমাৰ দে’ক সাৱধানবাণী এবছুৰ সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.