ETV Bharat / state

প্ৰেমৰ কৰুণ পৰিণতি: প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Aug 21, 2020, 7:58 PM IST

কোকৰাঝাৰৰ বালাজান উপ-আৰক্ষী চকীৰ অন্তৰ্গত পূৱ দবৰাগাঁৱত শুকুৰবাৰে পুৱা উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ৷ উক্ত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত ।

Deadbody of a girl recovered in kokrajhar assam etv bharat news
মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰ,21 আগষ্ট: কোকৰাঝাৰৰ বালাজান উপ-আৰক্ষী চকীৰ অন্তৰ্গত পূৱ দবৰাগাঁৱত শুকুৰবাৰে পুৱা উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ৷ উক্ত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে চহৰখনত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চিৰাং জিলাৰ ৰুণীখাটাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কোকৰাঝাৰৰ পূৱ দবৰাগাঁৱৰ এগৰাকী যুৱকৰ সৈতে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক ৷ উক্ত সম্পৰ্কৰ পৰিণতিতে যুৱতীগৰাকী গৰ্ভৱতী হৈছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত গৰ্ভৱতী যুৱতীগৰাকীক পৰিয়ালৰ লোকে প্ৰেমিকৰ ঘৰত থৈ যায় ।

বিগত ১৯ জুলাইত পৰিয়ালৰ লোকে যুৱতীগৰাকীক প্ৰেমিকৰ ঘৰত থৈ যোৱাৰ পিছত প্ৰাপ্তবয়স্ক নোহোৱাৰ বাবে প্ৰেমিক যুগলৰ বিবাহত আপত্তি দৰ্শায় গাওঁবাসীয়ে ৷ ইফালে বিবাহ নোহোৱাকৈ বিগত এমাহে একেলগে বসবাস কৰে যুৱক-যুৱতীহালে ৷ কিন্তু ইয়াৰ মাজতে প্ৰেমিক-প্ৰেমিকাহালে আলোচনা মৰ্মে যুৱতীগৰাকীৰ গৰ্ভপাত কৰে ৷ পৰৱৰ্তী সময়ত দুয়োৰে মাজত পাৰিবাৰিক কন্দল আৰম্ভ হোৱাৰ পিছত, বিগত ১৮ আগষ্টত যুৱতীগৰাকী প্ৰেমিকৰ ঘৰৰ পৰা সন্ধানহীন হয় ৷ শুকুৰবাৰে পুৱা গাঁৱৰে নলা এটাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ

ইপিনে যুৱতীগৰাকীৰ পৰিয়ালে দাবী কৰা অনুসৰি যুৱতীগৰাকীক প্ৰেমিকে হত্যা কৰিছে ৷ তাৎপৰ্যপূৰ্ণভাৱে উদ্ধাৰ হোৱা মৃতদেহটো অতি কম পানীত উবুৰি খাই পৰি ওপঙি থকাৰ লগতে দেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰাৰ কথা সদৰী কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে ৷ আনহাতে, ঘটনা সন্দৰ্ভত দণ্ডাধীশ অসীম বৰগোঁহাইয়ে মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে প্ৰকৃত তথ্য বাহিৰ হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে চাওকঃ বৰপেটা অসামৰিক চিকিৎসালয়ত কৰ’ণা ৰোগীৰ মৃত্যু

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.