ETV Bharat / state

গৰুৰ চোৰাং ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ 'ট্ৰেন্সপৰ্টাৰ এচোচিয়েচন'ৰ সভাপতি আৰু সম্পাদক - জিলা আৰক্ষী অধীক্ষক

গৰুৰ চোৰাং ব্যৱসায়ৰ স'তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে "অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচন"ৰ সভাপতি আৰু সম্পাদকক গ্ৰেপ্তাৰ কৰা ঘটনাই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

গৰুৰ চোৰাং ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ 'ট্ৰেন্সপৰ্টাৰ এচোচিয়েচন'ৰ সভাপতি আৰু সম্পাদক
author img

By

Published : Sep 7, 2019, 9:27 AM IST

কোকৰাঝাৰ, 7 ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গৰুৰ চোৰাং ব্যৱসায়ৰ স'তে জড়িত থকাৰ অভিযোগত 'অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচন'ৰ সভাপতি আৰু সম্পাদকক গ্ৰেপ্তাৰ কৰে৷শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে এই কথা সদৰি কৰে ৷

গৰুৰ চোৰাং ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ 'ট্ৰেন্সপৰ্টাৰ এচোচিয়েচন'ৰ সভাপতি আৰু সম্পাদক

সংবাদমেলখনত তেওঁ কয় যে বৃহস্পতিবাৰে মাজনিশা কোকৰাঝাৰ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি অসম বংগ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ তথা শ্ৰীৰামপুৰত তালাচী চলাই পশ্চিমবংগৰ পৰা অসম অভিমুখী এখন AS-01GC-3837 নম্বৰৰ ট্ৰাক জব্দ কৰে৷ জব্দকৃত ট্ৰাকখনেদি 16 টা বলধ গৰু অবৈধভাৱে কঢ়িয়াই অনা হৈছিল আৰু উক্ত ট্ৰাকখনক AS-01AK-7363 নম্বৰৰ এখন ইনোভা গাড়ীৰে "অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ" সভাপতি আৰু সম্পাদক ক্ৰমে অৰুণ লিংডো আৰু মুন্না শইকীয়া ওৰফে ইক্ৰাম হুছেইনে নিৰাপত্তা দি আনিছিল৷ আৰক্ষীয়ে ট্ৰাক আৰু চোৰাংভাৱে সৰবৰাহ কৰা 16 টা গৰু জব্দ কৰাৰ পিচতে অৰুণ লিংডো আৰু মুন্না শইকীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়৷লগতে তেওঁ কয় যে অসম আৰু মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চোৰাংভাৱে গৰু চালান দিব বিচৰা উক্ত দলটোৰ আন আঠজন সদস্যক আৰক্ষীয়ে আটক কৰিছে য'ত এগৰাকী পশু চিকিৎসকো আছে৷ তদুপৰি আৰক্ষীয়ে দলটোৰ পৰা WB-70L-8539 নম্বৰৰ আন এখন মাৰুতী এল্টো গাড়ী জব্দ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোসাইগাঁও থানাত এক গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে গৰুৰ অবৈধ চিণ্ডিকেট আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিগত 2016 চনৰে পৰা কোকৰাঝাৰ আৰক্ষীয়ে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আহিছে ৷ আৰু বিগত চাৰিটা বৰ্ষত কোকৰাঝাৰ আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহক লৈ 54 টা গোচৰ ৰুজু কৰিছে ৷ ইয়াৰোপৰিও তেওঁলোকে এই সন্দৰ্ভত 25 খন বাহন আৰু 1238 টা গৰু জব্দ কৰাৰ লগতে 162 জন গৰুৰ চোৰাং সৰবৰাহকাৰীক আটক কৰিছে ।

Intro:
গৰুৰ চোৰাং ব্যৱসায়েৰে জড়িত অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ সভাপতি ,সম্পাদকক গ্ৰেপ্তাৰ ।

গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কাম কৰা বুলি দাবী কৰা অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ সভাপতি আৰু সম্পাদকক অৱশেষত গৰুৰ চোৰাং ব্যৱসায়ৰ সতে জড়িত থকাৰ অভিযোগত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কোকৰাঝাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ সভাপতি আৰু সম্পাদক হ'ল ক্ৰনে অৰুণ লিংডো আৰু মুন্না শইকীয়া ওৰফে ইক্ৰাম হুছেইন ।

Body:কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি আয়োজিত হোৱা এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে এক বিশেষ সূত্ৰৰ পম খেদি কালি মাজনিশা অসম বংগ সীমান্তৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা শ্ৰীৰামপুৰত তালাচী চলাই পশ্চিমবংগৰ পৰা অসম অভিমুখী AS 01GC 3837 নম্বৰৰ এখন আৰক্ষীয়ে জব্দ কৰে । জব্দকৃত উক্ত ট্ৰাকখনেদি ১৬ টা বলধ গৰু অবৈধভাৱে কঢ়িয়াই কঢ়িয়াই:আনিছিল আৰু উক্ত ট্ৰাকখনক এখন ইনোভা গাড়ীৰে( নং AS01AK 7363) অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ সভাপতি আৰু সম্পাদক ক্ৰমে অৰুণ লিংডো আৰু মুন্না শইকীয়া ওৰফে ইক্ৰাম হুছেইনে এচকৰ্ট দি আনিছিল । আৰক্ষীয়ে ট্ৰাক আৰু চোৰাংভাৱে সৰবৰাহ কৰা ১৬ টা গৰু জব্দ কৰাৰ পিছত অল ইণ্ডিয়া লাইভষ্টক ট্ৰেডাৰ এণ্ড ট্ৰেন্সপৰ্টাৰ এচোচিয়েচনৰ সভাপতি আৰু সম্পাদক ক্ৰমে অৰুণ লিংডো আৰু মুন্না শইকীয়া ওৰফে ইক্ৰাম হুছেইনে পলাবলৈ চেষ্ঠা কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । অসম আৰু মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চোৰাংভাৱে গৰু চালান দিব বিচৰা উক্ত গেংটোৰ আন আঠজন সদস্যকো আৰক্ষীয়ে আটক কৰিছে য'ত এগৰাকী পশু চিকিৎসকো আছে । তদুপৰি আৰক্ষীয়ে গেংটোৰ পৰা আন এখন মাৰুতী এল্টো গাড়ী(নং WB 70 L 8539 )জব্দ কৰিছে । ঘটনা সন্দৰ্ভত গোসাঁইগাঁও থানাত আৰক্ষীয়ে এক গোচৰ (নং -৩৮৮/২০১৯)ৰজু কৰিছে ।
কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে গৰুৰ অবৈধ চিণ্ডিকেট , অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিগত ২০১৬ চনৰে পৰা কোকৰাঝাৰ আৰক্ষীয়ে নিৰবচ্ছিন্নভাৱে ভাৱে কাম কৰি আহিছে ।

Conclusion:যোৱা চাৰিটা বৰ্ষত কোকৰাঝাৰ আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰক লৈ ৫৪টা গোচৰ ৰজু কৰাৰ লগতে ২৫ খন বাহন , ১২৩৮ টা গৰু জব্দ কৰাৰ লগতে ১৬২জন গৰুৰ চোৰাং সৰবৰাহকাৰীক আটক কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.