কোকৰাঝাৰ, 19 জুলাই: ৰাজ্যত কৰ'ণা ভাইৰাছে ধাৰণ কৰিছে জটিল ৰূপ ৷ আন বহুকেইখন জিলাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাতো দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড 19 পজিটিভ ৰোগীৰ সংখ্যা ৷ কৰ'ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ জিলাখনত শনিবাৰে পুনৰ 16 জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ মাজত আছে জিলাখনৰ সাংবাদিক শংকৰ চৌধুৰী সহ তেখেতৰ স্ত্ৰী আৰু কণ্যা ৷
উল্লেখ্য যে, বৰ্তমানলৈকে কোকৰাঝাৰ জিলাত 236 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত সকলোকে কোকৰাঝাৰস্থিত কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃ "Covaxin" মানৱ শৰীৰত পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিলে ভাৰত বায়'টেকে