ETV Bharat / state

কোকৰাঝাৰত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ - কোকৰাঝাৰত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ

কোকৰাঝাৰ জিলাত ভয়ানক হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ শনিবাৰে জিলাখনত পুনৰ 15 জন লোকৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰিছে ৷ বিগত 11 দিনত কোকৰাঝাৰত সৰ্বমুঠ ৬০ গৰাকী লোকৰ দেহত ক’ভিড 19 ৰ অৱস্থিতি ধৰা পৰিছে ।

কোকৰাঝাৰত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ

author img

By

Published : Apr 17, 2021, 10:59 PM IST

কোকৰাঝাৰ,১৭ এপ্ৰিল: ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড 19 ৰ সংক্ৰমণ ৷ ইয়াৰ সমান্তৰালভাৱে কোকৰাঝাৰত ভয়ানক হাৰত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । জিলাখনত শনিবাৰে পুনৰ 15 জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি ৷

কোকৰাঝাৰত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ
কোকৰাঝাৰত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ

যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাইকযোগে শনিবাৰে জন সাধাৰণক ক’ভিড 19 ৰ নীতি নিয়মসমূহ পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে । মাস্ক পৰিধান নকৰিলে নিয়মানুসৰি জৰিমনা বিহা হ’ব বুলি ঘোষণা কৰে জিলা প্ৰশাসনে ।

ইপিনে, কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত শনিবাৰে 325 গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত 9 গৰাকী লোকৰ দেহত ক’ভিড 19 ৰ বীজাণু ধৰা পৰে । ইয়াৰে এগৰাকী লোকক হোম আইছ'লেচন, দুগৰাকীক চিকিৎসালয়ত আৰু আন ছগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ-লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ।

আনহাতে জিলাখনত শনিবাৰে 15 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে । চলিত মাহৰ 7 এপ্ৰিলৰ পৰা আজিলৈ অৰ্থাৎ বিগত 11 দিনত কোকৰাঝাৰত সৰ্বমুঠ ৬০ গৰাকী লোকৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰিছে । জিলাখনত দ্ৰুতগতিত কৰ’ণাৰ সংক্ৰমণে জন সাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰ-দিল্লীত কৰ’ণাত আক্ৰান্তৰ মৃত্যুই লৈছে ভয়াৱহ ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.