কোকৰাঝাৰ, 7 জুনঃ কোকৰাঝাৰত শনিবাৰে নিশা সংঘটিত হল এক আজৱ ঘটনা ৷ নিশা কৰ্মৰত আৰক্ষীয়ে নিজ গৃহতেই আহি আটক কৰিলে নিজ পত্নী আৰু প্ৰেমিকক ৷
ঘটনাৰ বিৱৰণী অনুসৰি, কোকৰাঝাৰ বৰুৱাপাৰাৰ 7 নং এপিবিএন আৰক্ষীত কৰ্মৰত মক্ষিমূল হক পাটগিৰি নামৰ আৰক্ষী গৰাকীয়ে একে গাঁৱৰে ছানাস পাৰ্বিনৰ সৈতে কেইবছৰমান পুৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেতিয়ালৈকে ঠিকেই চলি আছিল দম্পত্তীহালৰ সংসাৰ ৷ কিন্তু, শনিবাৰে নিশা আৰক্ষী কনিষ্টবলগৰাকীৰ পত্নীৰ সৈতে একেখন গাঁৱৰে হোনিমূল হক চৌধুৰী নামৰ এজন যুৱকক অনৈতিক কাৰ্যত লিপ্ত থকাৰ অৱস্থাত হাতে-লোতে ধৰা পেলালে গাঁৱৰ ৰাইজে ৷
ৰাইজে দুয়োজনকে কৰায়ত্ত কৰি চিৰাং জিলাৰ বিজনী ভল্লামগুৰী আৰক্ষী চকীত খবৰ দিয়াত ঘটনাৰ তদন্ত কৰিবলৈ আহিল আৰক্ষী ৷ মন কৰিবলগা কথাটো হ'ল যে, তদন্ত কৰিবলৈ অহা আৰক্ষীজন হ'ল ছানাস পাৰ্বিনৰ পতি মক্ষিমূল হক পাটগিৰি ৷ অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰা দাবীৰে ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী পাটগিৰিয়ে ৷ বিগত বহু দিনৰে পৰা এই ঘটনাৰ সন্দেহ কৰি আছিল বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আৰক্ষী কনিষ্টবলগৰাকীয়ে ৷ ইতিমধ্যে, বিবাহ বিচ্ছেদ বিচাৰিছে চাৰি বছৰীয়া সন্তানৰ পিতৃ মক্ষিমূল হক পাটগিৰিয়ে ৷