কোকৰাঝাৰ,18 মাৰ্চঃ এক সংকটপূৰ্ণ সময়ত বিটিচিত চৰকাৰে অনুষ্ঠিত কৰিবলৈ লৈছে বিটিচি পৰিষদীয় নিৰ্বাচন । প্ৰতিদিনে সহস্ৰাধিক মানুহৰ সমাগমৰে অনুষ্ঠিত হৈছে বিভিন্ন ৰাজনৈতিক দলৰ সভা-সমিতি । ঠিক তেনে সময়তে বিশ্বত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ প্ৰভাৱ বিটিচিৰ নিৰ্বাচনত নপৰে বুলি মন্তব্য আগবঢ়াইছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে গোসাইগাঁও মহকুমাৰ একাংশ ব্যক্তিয়ে ৷
ইতিমধ্যে,ৰাজ্য চৰকাৰে বহিঃৰাষ্ট্ৰৰ পৰা অহা ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে । বিভিন্ন ঠাইত সজাগতা সভা পতা হৈছে । চৰকাৰৰ এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ ফলতে ভাইৰাছবিধৰ প্ৰভাৱ গোঁসাইগাঁৱত নপৰে বুলি মন্তব্য আগবঢ়াইছে মহিলাৰীয়ে । লগতে,সূৰ্য্যৰ আদ্ৰতা ক্ৰমে বৃদ্ধি হোৱাৰ ফলত ভাইৰাছবিধে অসমত প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে । তেনেক্ষেত্ৰত বিটিচিৰ নিৰ্বাচন পিছুৱাই দিয়াৰ কোনো কাৰণ নাই । বিটিচিৰ নিৰ্বাচনত কৰ'ণা ভাইৰাছৰ কোনো প্ৰভাৱ নপৰে বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰাৰ লগতে নিৰ্ধাৰিত সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি মহিলাৰীয়ে কয় ৷
লগতে চাওকঃকৰ’ণা ভাইৰাছৰ বাবে বহিঃৰাজ্যৰ যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত নজৰ ৰঙিয়া ৰে’ল বিভাগৰ