ETV Bharat / state

শীতল ভঁৰাল নিৰ্মাণ নকৰাৰ বাবেই দাতাই ওভতাই বিচাৰিলে বড়োলেণ্ড অতিথিশালাৰ ভূমিখণ্ড - Land donor now wants the donated land back

কোকৰাঝাৰত নিৰ্মাণ হোৱা বড়োলেণ্ড অতিথিশালাৰ ভূমিখণ্ডক লৈ তীব্ৰ বিতৰ্ক (Controversy over Bodoland Guest House) প্ৰয়াত সহনলাল শৰ্মা পৰিয়ালৰ ৷ শীতল ভঁৰাল নিৰ্মাণ নকৰাৰ বাবেই ভূমিদাতা পৰিয়ালে এতিয়া ওভতাই বিচাৰিছে বড়োলেণ্ড অতিথিশালাৰ বাবে দান কৰা ভূমিখণ্ড (Land donor now wants the donated land back)।

বিতৰ্কৰ আৱৰ্তত কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালা

author img

By

Published : Jan 3, 2022, 1:29 PM IST

কোকৰাঝাৰ, 3 জানুৱাৰী : ক্ৰমাৎ বিতৰ্কৰ আৱৰ্তত কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাৰ ভূমিখণ্ড (Controversy over Bodoland Guest House) ৷ শীতল ভঁৰাল নিৰ্মাণৰ সলনি অতিথিশালা নিৰ্মাণ কৰাৰ বাবেই ভূমি দাতাৰ পৰিয়ালে পুনৰ ওভতাই বিচাৰিছে ভূমি ভাগ ৷

কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাৰ ভূমিখণ্ডৰ স্বত্বাধিকাৰী প্ৰয়াত সহনলাল শৰ্মাৰ পুত্ৰ ভৰত শৰ্মাই চহৰখনৰ শুভাষপল্লীস্থিত নিজ বাসভৱনত সম্বোধন কৰা এক সংবাদমেলত বিটিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ।

শৰ্মাৰ অভিযোগ অনুসৰি, যি ভূমিত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰা হৈছে, উক্ত ভূমিডোখৰত তেওঁৰ পিতৃ সহনলাল শৰ্মাই কৃষকসকলৰ বাবে শীতল ভঁৰাল নিৰ্মাণ কৰিবৰ বাবেহে ১৯৯৯ চনত DRDA ক দান কৰিছিল ৷ কিন্তু ভূমিখণ্ডত শীতল ভঁৰাল নিৰ্মাণ কৰাৰ সলনি ২০১৪ চনত মাটিডোখৰত সেই সময়ৰ হাগ্ৰামা নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ দিনত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰা হয় ৷

যাৰ বাবে এতিয়া ভূমিদাতাৰ পৰিয়ালে পুনৰ উভতাই বিচাৰিছে অতিথিশালা নিৰ্মাণ কৰা ভূমিভাগ ৷ উক্ত ভূমিখণ্ডত চৰকাৰে যিকোনো ধৰণৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ পূৰ্বে ভূমিদাতা পৰিয়ালৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ লোৱাটো জৰুৰী আছিল বুলি পৰিয়ালটোৱে মন্তব্য কৰে ৷

লগতে পঢ়ক : হাগ্ৰামাৰ কাৰ্যকালত নিৰ্মাণ আৰম্ভ হোৱা দলঙৰ কাম বন্ধ হ’ল প্ৰমোদ বড়োৰ দিনত !

কিন্তু শৰ্মা পৰিয়ালৰ ভূমিখণ্ডত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰাৰ পূৰ্বে বিটিচিৰ কোনো এজন আমোলা-বিষয়াই গৰাকীৰ পৰা কোনো ধৰণৰ আপত্তিবিহীন প্ৰমাণপত্ৰ লোৱাৰ প্ৰয়োজনবোধ নকৰিলে ৷ বিপৰীতে পৰিয়ালটোক অন্ধকাৰত ৰাখি মুঠ ২ বিঘা চাৰি কঠা ওঠৰ লেচা মাটিত নিৰ্মাণ কৰি উলিয়ালে বড়োলেণ্ড অতিথিশালাৰ প্ৰকাণ্ড অট্টালিকা ৷ ক্ষোভিত শৰ্মা পৰিয়ালে এতিয়া ওভতাই বিচাৰিছে পূৰ্বে স্বেচ্ছাই দান কৰা ভূমি (Land donor now wants the donated land back) ।

লগতে পঢ়ক : Kokrajhar Medical College: এবছৰত নিৰ্মাণ সম্পূৰ্ণ কৰি পাঠদানৰ লক্ষ্য

কোকৰাঝাৰ ৰাজহ চক্ৰৰ অধীনষ্ঠ উক্ত ভূমিভাগ দাগ নং - ৩১২, খতিয়ান নং-১৩৪ ৰ অনৰ্গত ১ বিঘা ২ কঠা ওঠৰ লেচা আৰু আনটো ভাগ দাগ নং - ২০৯, খতিয়ান নং- ৮৮ ৰ অধীনত ১ বিঘা ২ কঠা মাটি আছে বুলি জানিবলৈ দিয়ে ভৰত শৰ্মাই ৷ ইয়াৰোপৰি শৰ্মা পৰিয়ালে বিষয়টোক লৈ পূৰ্বৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ লগতে বৰ্তমানৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপিৰ সন্মিলিত মিত্ৰজোঁট চৰকাৰৰ ওচৰত বিষয়টো নিষ্পত্তিৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই আহিছে, যদিও বৰ্তমানলৈকে কোনো সুফল লাভ নকৰাত ক্ষোভিত হৈ পৰে পৰিয়ালটো ৷

এই সকলোবোৰ বেমেজালি বিটিচিৰ একাংশ আমোলাৰ হেমাহিৰ বাবে সৃষ্টি হোৱা বুলি জানিবলৈ দি চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ নথকাৰ কথা উল্লেখ কৰে ভৰত শৰ্মাই ৷ সম্প্ৰতি ভূমিদাতা পৰিয়ালৰ আপত্তিবিহীন প্ৰমাণপত্ৰ নোলোৱাকৈ অতিথিশালা নিৰ্মাণ কাৰ্যক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে প্ৰয়াত সহনলাল শৰ্মাৰ পৰিয়ালবৰ্গই ৷ বৰ্তমান সমগ্ৰ বিষয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ভৰত শৰ্মাই ৷ অন্যথা ন্যায় প্ৰাপ্তিৰ বাবে আইনৰ দ্বাৰস্থ হ'বলৈ কুণ্ঠাবোধ নকৰে বুলি সংবাদমেলযোগে সদৰী কৰে পৰিয়ালটোৱে ৷

লগতে পঢ়ক : কোকৰাঝাৰত বিজেপিলৈ বাট পোনালে বিপিএফ নেতা-কৰ্মীয়ে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.