কোকৰাঝাৰ, ২৪ ডিচেম্বৰ : পুনৰ বিতৰ্কৰ আৱৰ্তত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম (Rup Nath Brahma Civil Hospital Kokrajhar) অসামৰিক চিকিৎসালয় ৷ এইবাৰ চিকিৎসালয়খনে ৰোগীক দিলে ম্যাদ উকলা চেলাইন ৷ যাৰ ফলত ৰোগীগৰাকীৰ শৰীৰত অত্যধিক বিষ অনুভৱ হয় (Controversy in RNB Civil Hospital Kokrajhar) ৷
ৰোগীগৰাকী হৈছে কোকৰাঝাৰ জিলাৰে চেৰফাংগুৰি হেল বজাৰৰ নিবাসী গীতাৰাণী বসুমতাৰী ৷ ৰোগীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, অত্যধিক কাহ, বমি আৰু মূৰৰ বিষ হোৱাত যোৱা ২২ ডিচেম্বৰত গীতাৰাণী বসুমতাৰীক পৰিয়ালে কোকৰাঝাৰ RNB চিকিৎসালয়ত ভৰ্তি কৰায় ৷ চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে নিশা নাৰ্ছে ৰোগীগৰাকীক DEXTROSE নামৰ চেলাইন এটা দিয়ে ৷
কিন্তু চেলাইন লোৱাৰ পিছৰে পৰা কৰ্কট ৰোগত আক্ৰান্ত ৰোগীগৰাকীৰ অত্যধিক বিষ অনুভৱ হয় (cancer patient gave outdated medicine) ৷ পিছত পৰিয়ালৰ লোকে চেলাইনটো ভালদৰে চোৱাত উক্ত চেলাইনটো বিগত নবেম্বৰ মাহতে ম্যাদ উকলাটো ধৰা পেলায় ৷ ইয়াৰ পাছতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে ৷
চিকিৎসালয়খনৰ এই নাভূত-নাশ্ৰুত কাণ্ডই অন্যান্য ৰোগীসকলৰ মাজতো আতংকৰ সৃষ্টি কৰে ৷ ইপিনে ৰোগী গীতাৰাণীৰ পৰিয়ালে বিষয়টো মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) দৃষ্টিগোচৰ কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ লগতে পুনৰায় যাতে এনে ঘটনা চৰকাৰী চিকিৎসালয়ত নঘটে সেয়া নিশ্চিত কৰাৰো দাবী জনাইছে পৰিয়ালটোৱে ৷
উল্লেখ্য যে সময়ে সময়ে বিতৰ্কৰ আৰ্ৱত সোমাই পৰা কোকৰাঝাৰ RNB চিকিৎসালয়ত কিছুদিন পূৰ্বে 'ছাডেন ভিজিট' কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta) চিকিৎসালয়খনৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও এচাম চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিৰ বাবে চিকিৎসালয়খনত মাজে-সময়ে এনে অৰাজকতাই দেখা দিয়ে ৷
উল্লেখ্য, ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ তথৈবচ অৱস্থা তথা অৰাজকতাৰ কথা মাজে-সময়ে পোহৰলৈ আহি থাকে । ক'ৰবাত যদি চিকিৎসকে কৰ্তব্যত গাফিলতি কৰে, ক'ৰবাত আকৌ চিকিৎসা কৰ্মীৰ হেমাহি । আনহাতে, প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থাৰ অভাৱতো চৰকাৰী চিকিৎসালয়সমূহত ৰোগীয়ে দুৰ্ভোগ ভোগাৰ বহু ঘটনা সংঘটিত হৈ আহিছে । চৰকাৰে ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ আমুল পৰিৱৰ্তন ঘটা বুলি ঢাকঢোল বজাই থাকিলেও বাস্তৱ ছবিখন সম্পূৰ্ণ পৃথক ।
লগতে পঢ়ক :Operation drink drive: 80 টকাত দুটা পেগ খাই কেনেকৈ 10 হাজাৰ দিম: সুৰাপায়ী চালক