ETV Bharat / state

Protest against tax hike: কোকৰাঝাৰ পৌৰসভাৰ টোগলকী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ - New Organisation Formed in Kokrajhar

কোকৰাঝাৰ পৌৰসভাৰ টোগলকী কাণ্ড ৷ ২০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিলে বাৰ্ষিক কৰ(Kokrajhar municipality tax hike) ৷ ইয়াৰ প্ৰতিবাদতে গঠন কৰা হয় কোকৰাঝাৰ সচেতন নাগৰিক মঞ্চ ৷ পৌৰসভাৰ বিৰুদ্ধে ১৭ মাৰ্চত কোকৰাঝাৰত প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ প্ৰদান কৰে মঞ্চই ৷

Conscious citizens forum Protest against tax hike
কোকৰাঝাৰ পৌৰসভাৰ টোঘলকী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Mar 15, 2023, 10:54 PM IST

কোকৰাঝাৰ পৌৰসভাৰ টোঘলকী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ

কোকৰাঝাৰ,১৪ মাৰ্চ: অসম নগৰীয়া স্থাৱৰ সম্পত্তিৰ কৰ নিয়মৰ অধীনত কোকৰাঝাৰ পৌৰসভাই চহৰৰ প্ৰতিটো পৰিয়ালৰ ওপৰত অত্যাধিক হাৰত কৰৰ বোজা জাপি দিয়াক লৈ সাধাৰণ জনতাই ত্ৰাহি মধুসূদন দেখিছে(Kokrajhar municipality tax hike) । ২০০ শতাংশ পৰ্যন্ত কৰ বৃদ্ধি কৰি সাধাৰণ জনতাক কোকৰাঝাৰ পৌৰসভাই ৰামটাঙোন মৰাই নহয় একপ্ৰকাৰ অত্যাধিক হাৰত কৰ বৃদ্ধি কৰি কোকৰাঝাৰ পৌৰসভাই নিজৰ টোগলকী নীতিৰ বহিঃপ্ৰকাশ ঘটাইছে(New Organisation Formed in Kokrajhar) ।

কোকৰাঝাৰৰ নগৰবাসীক বাৰ্ষিক কৰৰ বোজা অত্যাধিকভাৱে জাপি দিয়াক কেন্দ্ৰ কৰি সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মঙলবাৰে সন্ধিয়া কৰৰ হাৰ বৃদ্ধিৰ প্ৰতিবাদত কোকৰাঝাৰত এক প্ৰতিবাদী মঞ্চ গঠন কৰা হয়(Formation of conscious citizens forum in Kokrajhar) ৷ কোকৰাঝাৰ চহৰ সচেতন নাগৰিক মঞ্চ নামৰ নতুন মঞ্চখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় খাম্পা বৰগয়াৰীক আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৰূপজিৎ দাসক ।

ইফালে কোকৰাঝাৰ চহৰৰ সচেতন নাগৰিক মঞ্চ ভূমিষ্ঠ হোৱাৰ পিচতে মঞ্চৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন উপ মুখ্য-কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে কোকৰাঝাৰ চহৰবাসীৰ ওপৰত পৌৰসভাই অত্যাধিক হাৰত কৰৰ বোজা জাপি দি নগৰবাসীক টেটু চেপি ধৰা বুলি মন্তব্য কৰি পৌৰসভাৰ উক্ত কাৰ্যত জনতা হতভম্ব হোৱা বুলি গভীৰ উদ্বেগ ব্যক্ত কৰে(Conscious citizens forum Protest against tax hike) ।

কোকৰাঝাৰ চহৰত পূৰ্বতে যি গৰাকী ব্যক্তিয়ে বাৰ্ষিক কৰ হিচাপে ৭০০ টকা আদায় দি আহিছিল তেনে ব্যক্তিয়ে এতিয়া পৌৰসভাক ১ লাখ ৩৮ হাজাৰ টকা কৰ হিচাপে আদায় দিব লাগিব বুলি পৌৰসভাই জাননি দিছে বুলি উল্লেখ কৰি খাম্পা বৰগয়াৰীয়ে এয়া পৌৰসভাৰ এক হঠকাৰী, অদুৰদৰ্শী আৰু অবিবেচক কাণ্ড বুলি গৰিহণা দিয়ে । লগতে অহা ১৭ মাৰ্চত ইয়াৰ বিৰুদ্ধে কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হ'ব বুলি মন্তব্য কৰে বৰগয়াৰীয়ে ।

পৌৰসভাৰ সিদ্ধান্ত কাৰ্যকাৰী হলে সাধাৰণ জনতাই সাধাৰণ আয়েৰে কোকৰাঝাৰ সদৰ চহৰত বসবাস কৰাটো কঠিন হ'ব বুলি মন্তব্য কৰি অত্যাধিক কৰৰ বোজা জাপি দিয়াটো পুণৰ বিবেচনা কৰিবলৈ পৌৰসভাৰ প্ৰতি আহ্বান জনাইছে । আনহাতে কোকৰাঝাৰ চহৰৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যালয়ত মঙলবাৰে অস্বাভাৱিক হাৰত কৰ বৃদ্ধি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় ৷

বৈঠকত বিটিআৰৰ চহৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলচন হাসদাই কৰ বৃদ্ধিৰ বিষয়টো চালিজাৰি চোৱা হব বুলি মন্তব্য কৰে ৷ কৰ বৃদ্ধিৰ প্ৰসংগত কোকৰাঝাৰ পৌৰসভাই অহা ২০ মাৰ্চত ৰাইজৰ ওজৰ আপত্তি শুনিব আৰু পৰৱৰ্তী আন এখন বৈঠকযোগে বিষয়টোৰ মীমাংসা কৰা হ'ব বুলি মন্তব্য কৰে উইলচন হাসদাই । কোকৰাঝাৰ চহৰৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম আৰু বিটিআৰ চহৰ নগৰ উন্নয়নৰ বিভাগৰ মূৰব্বী লংকেশ্বৰ ওৱাৰীসহ বিভাগীয় বিভিন্ন বিষয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: State Film Award Controversy :বঁটা বিতৰ্কক লৈ কি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.