ETV Bharat / state

প্ৰমোদ বড়োৰ দিনত বিটিআৰলৈ ঘূৰি আহিছে শান্তি : মুখ্যমন্ত্ৰী - প্ৰমোদ বড়োৰ দিনত বিটিআৰলৈ ঘূৰি আহিছে শান্তি

কোকৰাঝাৰত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন(CM in anniversary celebration of BTR government) ৷ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত শান্তি প্ৰতিষ্ঠাত সক্ষম হৈছে ৷ জানো আহক বিটিআৰৰ বাবে কি কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

cm-himanta-in-first-anniversary-celebration-of-btr-government-in-kokrajhar
প্ৰমোদ বড়োৰ দিনত বিটিআৰলৈ ঘূৰি আহিছে শান্তি : মুখ্যমন্ত্ৰী
author img

By

Published : Dec 18, 2021, 9:47 PM IST

কোকৰাঝাৰ ১৮ ডিচেম্বৰ : দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰে উদযাপিত হয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজিপি আৰু জিএছপি মিত্ৰজোঁটৰ বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি(First anniversary celebration of BTR government) ৷ কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয় পথাৰত উদযাপিত হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই বিটিআৰ পৰিষদৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশ লৈ বন্তি প্ৰজ্বলণৰে বৰ্ষপূতি অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰাম্ভ কৰি বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধা জনায় ৷

পিছত বৰ্ষপূৰ্তি উপলক্ষে দিয়া ভাষণত বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদখন গৌৰৱৰে এটা বৰ্ষ পূৰ্ণ কৰি বিটিআৰত সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি প্ৰতিষ্ঠা কৰাত সক্ষম হোৱা বুলি প্ৰশংসা কৰে(CM says Peace is back in BTR) ৷ বিটিআৰৰ চৰকাৰৰ বৰ্ষপূতিক অভিনন্দন দি যোৱা এটা বছৰ প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰখনে কঠোৰ পৰিশ্ৰম আৰু প্ৰত্যাহ্বানৰে অতিক্ৰম কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে বিটিআৰত শান্তি ঘুৰাই অহাতো একাংশই বিচৰা নাছিল আৰু লগতে বিটিআৰ চুক্তিখনকো অপব্যাখ্যা দি আছিলে বুলি উদ্বেগ প্ৰকাশ কৰে ৷

প্ৰমোদ বড়োৰ দিনত বিটিআৰলৈ ঘূৰি আহিছে শান্তি : মুখ্যমন্ত্ৰী

কিন্তু বিটিআৰত প্ৰমোদ বড়োৰ সৱল নেতৃত্বত এতিয়া অস্ত্ৰ শস্ত্ৰ নাই আৰু তেজৰ ফাকু নোহোৱা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে(Peaceful BTR in Pramod Boro's tenure) ৷ তেওঁ কয়, এতিয়া বিটিআৰত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰৰ চুক্তিৰ দফা ৰূপায়ণৰ দিশে আগবাঢ়ি যোৱাৰ লগতে এন ডিএফবিৰ গোচৰ নিষ্পত্তি হোৱা, বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰ মান্যতা আৰু ৰায়মণা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ স্বীকৃতি পোৱা, অসম মালা, গুডউইল মিছন আৰু জলজীৱন আঁচনিৰ সফল ৰূপায়নেৰে অগ্ৰগতি হোৱাৰ দিশ সদৰি কৰে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তক তিনি বছৰত কোকৰাঝাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা, অহা দুটা বছৰত ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰা, অহা ২০২৩ চনত কোকৰাঝাৰত নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পাঠদান আৰম্ভ আৰু উৰ্ক্ত বছৰৰ ১৫ আগষ্টততে চিকিৎসাৰ বাবে ৰাইজক সুবিধা কৰি দিয়া প্ৰতিশ্ৰতি আগবঢ়ায় ৷

ইপিনে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদমাধ্যমৰ আগত বিটিআৰ অঞ্চললৈ শান্তি ঘূৰাই অনাটোৱে আটাইতকৈ ডাঙৰ সফলতা বুলি মন্তব্য কৰিছে । বিটিআৰৰ ৰাইজে শান্তি যে ঘূৰি আহিব সেয়া আশাই বাদ দিছিল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, এতিয়া অঞ্চলটোলৈ শান্তি, নিৰাপত্তা ঘূৰি অহাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত সু-সমন্বয় গঢ় লৈ উঠিছে ।

লগতে পঢ়ক : আদানী গ্ৰুপৰ হাতত বিমান বন্দৰ : সূচনা হৈছে ইটোৰ পিছত সিটো বিতৰ্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.