ETV Bharat / state

কোকৰাঝাৰৰ দুই নাবালিকাৰ ৰহস্যজনক মৃত্যু ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jun 13, 2021, 6:27 PM IST

কোকৰাঝাৰৰ অভয়াকুটি গাঁৱত চিপজৰী লৈ থকা অৱস্থাত সম্পৰ্কীয় দুই নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে দেওবাৰে ঘটনাৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma) ৷ ইতিমধ্যে ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে ৷

himanta biswa sarma in kokrajha
কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মা

কোকৰাঝাৰ,13 জুন : কোকৰাঝাৰ (Kokrajhar) জিলাৰ অতি ভিতৰুৱা গাঁও অভয়াকুটিৰ হাবিত একেডাল গছতে চিপজৰী লৈ থকা অৱস্থাত সম্পৰ্কীয় দুই নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অব্যাহত আছে তীব্ৰ চাঞ্চল্যৰ ৷ এয়া হত্যা (murder) নে আত্মহত্যা (Suicide), তাক লৈ চৰ্চা চলি থকাৰ মাজতে দেওবাৰে ঘটনাৰ বুজ ল’বলৈ কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma) ৷ অভয়াকুটিত পদাৰ্পণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় ৷ এই দুৰ্ভাগ্যজনক ঘটনাটো কিদৰে সংঘটিত হয়, সেই সন্দৰ্ভত পৰিয়ালবৰ্গৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

himanta biswa sarma in kokrajha
কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মা

সমগ্ৰ বিষয়টো বিটিআৰ (BTR)ৰ আইজিপি (IGP) এল আৰ বিষ্ণৈই (L R Bishnoi) আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক (SP)ৰ সৈতে আলোচনা কৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷ লগতে এয়া যদি হত্যাকাণ্ড, তেন্তে হত্যাকাৰীয়ে শাস্তি পাব লাগে আৰু যদি আত্মহত্যা হয় তেন্তে আত্মহত্যাৰ প্ৰকৃত কাৰণ উলিয়াব লাগে বুলি কৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ধুবুৰী, গোৱালপাৰা আদি নামনি অসম বহু ঠাইৰ বহু লোকে নিৰাপত্তাৰ অভাৱত বাস কৰে ৷ তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ উদ্দেশ্য হৈছে, চৰকাৰে বিশেষকৈ দুখীয়া আৰু নিষ্পেষিতসকলৰ ওপৰত কৰা কোনো ধৰণৰ অত্যাচাৰ সহ্য নকৰে ৷ আনহাতে ঘটনা সন্দৰ্ভত 4/5 জনক আটক কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে ৷

himanta biswa sarma in kokrajha
কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো (Pramod Boro) আৰু কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক তথা ইউপিপিএলৰ যুৱ নেতা লৰেন্স ইছলাৰী (Lawrence Islary) ৷ ইফালে কান্দোনত ভাগি পৰা ভুক্তভোগী পৰিয়ালৰ লোকে এয়া আত্মহত্যা নহয়, হত্যাকাণ্ডহে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ লগতে ঘটনাৰ উচিত তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায় ভুক্তভোগী পৰিয়ালে ৷

লগতে পঢ়ক : প্ৰয়াত সম্পূৰ্ণানন্দ তালুকদাৰৰ বাসগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.