কোকৰাঝাৰ, ২৭ অক্টোবৰ: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত শুকুৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কোকৰাঝাৰ সদৰ চহৰত অৱস্থিত কংগ্ৰেছৰ কাৰ্যালয় "ৰণেন্দ্ৰ ভৱন"ত অনুষ্ঠিত হোৱা এক দলীয় বৈঠকৰ মাজতে কংগ্ৰেছৰ দুই ফৈদৰ মাজত তীব্ৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় । আনকি বাক-বিতণ্ডা হতাহতিৰ মাজতে প্লাষ্টিকৰ চকীও ভাঙে কংগ্ৰেছ কৰ্মীসকলে ।
উল্লেখ্য যে, শুকুৰবাৰে কংগ্ৰেছৰ জিলা কাৰ্যালয়ত এখন দলীয় সভা আছিল । উক্ত দলীয় সভাত বিপিএফ ত্যাগ কৰি অলপতে কংগ্ৰেছত যোগদান কৰা প্ৰবীণ বড়ো উপস্থিত হোৱাৰ লগে লগেই উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় । কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ পৰা কোনে প্ৰাৰ্থিত্ব পাব তাকে লৈ প্ৰবীণ বড়োৰ সমৰ্থক আৰু গৰ্জন মুছাহাৰীৰ সমৰ্থকৰ মাজত বাকযুদ্ধ-হতাহতি হয় ৷
প্ৰণিধানযোগ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে সাম্ভাব্য প্ৰাৰ্থী তালিকাত গৰ্জন মুছাহাৰী আৰু প্ৰবীণ বড়োৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি জানিব পৰা গৈছে । বিটিআৰত কংগ্ৰেছৰ ভেটি মজবুত কৰি ৰখাৰ দাবী কৰি গৰ্জন মুছাহাৰীয়ে কয় যে বিটিআৰৰ ৰাইজে প্ৰাৰ্থী হিচাপে তেওঁকেই বিচাৰিছে ।
আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালিকাত গৰ্জন মুছাহাৰী লগতে নিজৰ নামো আছে বুলি দাবী কৰি নতুনকৈ কংগ্ৰেছত যোগ দিয়া প্ৰবীণ বড়োৱে কয় যে হাইকামাণ্ডেহে সমষ্টিটোত প্ৰাৰ্থী নিৰ্বাচিত কৰিব । লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ মাজত এতিয়াই আৰম্ভ হোৱা কন্দলে দলটোক শলঠেকত পেলাব বুলি চৰ্চিত হৈছে ।
উল্লেখ্য যে যোৱা 11 অক্টোবৰত কংগ্ৰেছত যোগদান কৰিছিল আছুৰ প্ৰাক্তন সভাপতি, অগপৰ প্ৰাক্তন মুখপাত্ৰ তথা বিপিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে ৷ তাৰ পিচতেই তেওঁক কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰৰ লগতে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্যৰ পদ প্ৰদান কৰা হয় ৷
লগতে পঢ়ক: Lok sova Election 2024: অসমৰ ৰাইজে ৰাজনৈতিক দলৰ পৰা বলিদান নিবিচাৰে: মুখ্যমন্ত্ৰী